অসম

assam

ETV Bharat / state

বিশ্বনাথ জিলা পৰিষদৰ শপত গ্ৰহণ কাৰ্যসূচী - Biswanath

বিশ্বনাথত শপত গ্ৰহণ নৱগঠিত জিলা পৰিষদৰ

শপত গ্ৰহণ

By

Published : Feb 13, 2019, 9:37 PM IST

বিশ্বনাথ, ১৩ ফেব্ৰুৱাৰীঃ বিশ্বনাথ জিলা পৰিষদৰ নৱনিৰ্বাচিত সদস্যসকলৰ শপত গ্ৰহণ অনুষ্ঠানটি আজি বিশ্বনাথ জিলাৰ উপায়ুক্তৰ সভাকক্ষত অনুষ্ঠিত হয় । অসম চৰকাৰৰ হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম আদি বিভাগৰ মন্ত্ৰী ৰঞ্জিত দত্ত, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ আৰু গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰাৰ উপস্থিতিত পৰিষদৰ নৱনিৰ্বাচিত সদস্য-সদস্যাসকলক শপত বাক্য পাঠ কৰোৱায় অতিৰিক্ত উপায়ুক্ত তথা জিলা পৰিষদৰ ভাৰপ্ৰাপ্ত মুখ্য কাৰ্যবাহী বিষয়া দিগন্ত বৈশ্যই ।

শপত গ্ৰহণ
উল্লেখযোগ্য যে সদ্যসমাপ্ত পঞ্চায়ত নিৰ্বাচনত বিশ্বনাথ জিলা পৰিষদৰ আটাইকেইখন আসনেই শাসকীয় ভাৰতীয় জনতা পাৰ্টীয়ে দখল কৰিছিল । আজিৰ অনুষ্ঠানত সৰ্বসন্মতিক্ৰমে লাৱন্য চায়েঙীয়াক জিলা পৰিষদৰ সভানেত্ৰী হিচাপে আৰু গায়ত্ৰী কুৰ্মীক উপ-সভানেত্ৰী হিচাপে মনোনীত কৰা হয় । তেওঁলোক দুগৰাকী ক্ৰমে কলাবাৰী আৰু পাভৈ জিলা পৰিষদৰ নিৰ্বাচিত সদস্য ।

নৱনিৰ্বাচিত সভানেত্ৰী আৰু উপ-সভানেত্ৰীয়ে আজিয়েই জিলা পৰিষদৰ অস্থায়ী মুখ্য কাৰ্যালয়ত নিজৰ দায়িত্বভাৰ গ্ৰহণ কৰে । আজিৰ শপত গ্ৰহণ অনুষ্ঠানত বিশ্বনাথ চাৰিআলি পৌৰসভাৰ সভানেত্ৰী ৰুলি শৰ্মা, অতিৰিক্ত উপায়ুক্ত পাৰিজাত ভূঞা, আৰক্ষী অধীক্ষক ৰাকেশ ৰোচনকে ধৰি জিলা প্ৰশাসন আৰু জিলা পৰিষদৰ কৰ্মকৰ্তাসকল তথা দলীয় বিষয়ববীয়াসকল উপস্থিত থাকে ।


ABOUT THE AUTHOR

...view details