অসম

assam

ETV Bharat / state

জামুগুৰিহাটত নেপালী ভাষা স্বীকৃতি দিৱস পালন - Nepali Language Recognition Day

১৯৯২ চনত ভাৰতীয় ভাষা হিচাপে স্বীকৃতি লাভ কৰিছিল নেপালী ভাষাই । সংবিধানৰ অষ্টম অনুসূচীত এই ভাষাটোক স্বীকৃতি দিয়া হৈছিল । এই উপলক্ষে জামুগুৰিহাটৰ নিকটৱৰ্তী টুপীয়া পাচগাঁও সামুহিক ভৱনত দিনজোৰা কাৰ্যসুচীৰে অনুস্থিত হয় নেপালী ভাষা স্বীকৃতি দিবস(Nepali Language Recognition Day)।

Nepali Language Recognition Day
জামুগুৰিহাটত নেপালী ভাষা স্বীকৃতি দিবস পালন

By

Published : Aug 21, 2022, 3:35 PM IST

চতিয়া, ২১ আগষ্ট:ভাৰতৰ সংবিধানৰ অষ্টম অনুসূচীত(Eighth Schedule of Constitution of India)১৯৯২ চনত ভাৰতীয় ভাষা হিচাপে স্বীকৃতি লাভ কৰিছিল নেপালী ভাষাই । শনিবাৰে এই ভাষাটোৱে ভাৰতীয় ভাষা হিচাপে স্বীকৃতি লাভ কৰাৰ অতিক্ৰম কৰিলে তিনিটা দশক ৷ সেই উপলক্ষে বৰ্ণাঢ্য কাৰ্যসূচীৰে জামুগুৰিহাটৰ নিকটৱৰ্তী টুপীয়া পাচগাঁও সামুহিক ভৱনত দিনজোৰা কাৰ্যসুচীৰে অনুস্থিত হয় নেপালী ভাষা স্বীকৃতি দিবস(Nepali Language Recognition Day in Jamugurihat)।

জামুগুৰিহাটত নেপালী ভাষা স্বীকৃতি দিবস পালন

নেপালী ভাষা স্বীকৃতি দিবস উপলক্ষে অনুস্থিত উক্ত সভাত স্থানীয় শতাধিক ৰাইজে অংশগ্ৰহণ কৰে । পুৱা স্মৃতি তৰ্পণৰে কাৰ্যসুচীৰ পাতনি মেলা সভাখনৰ আৰম্ভণিতে ৰঙাচকুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক চবিৰাম শৰ্মাৰ সভাপতিত্তত অনুস্থিত হয় এক কবিতা পাঠ অনুস্থান ৷ ইয়াৰ পিছতেই সমাজকৰ্মী ক্ষেমৰাজ চেত্ৰীৰ পৌৰহিত্য়ত এখন ৰাজহুৱা সভা অনুস্থিত হয় ৷

উক্ত ৰাজহুৱা সভাত বিশিষ্ট শিক্ষাবিদ তথা অবসৰী অধ্যক্ষ ইন্দ্ৰলাল শৰ্মা, শোনিতপুৰ জিলা গোৰ্খা সন্মিলনৰ(Sonitpur District Gorkha Sammelan) কাৰ্যকৰী সভাপতি দধিৰাম চুবেৰী, সম্পাদক ভুবন শৰ্মা, উপ-সভাপতি সঞ্জয় সিমখৰাৰ উপৰিও বহুসংখ্যক ৰাইজ উপস্থিত থাকে ৷ সভাখনত গোৰ্খা সম্প্ৰদায়ৰটোৰ উন্নয়নৰ কাৰনে বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ো আলোচনা কৰা হয় ৷ শোণিতপুৰ জিলা গোৰ্খা সন্মিলনৰ সভাপতি দধিৰাম চুবেৰীয়ে ১৫ শতাংশতকৈ বেছি গোৰ্খা ছাত্ৰ-ছাত্ৰী থকা শিক্ষানুষ্ঠানত শিক্ষক নিযুক্তিৰ দাবী জনায় ।

গোৰ্খা সন্মিলনৰ মধ্য জামুগুৰি শাখাৰ সম্পাদক দধিৰাম পাঠকে আঁত ধৰা সভাখনত বিগত উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ গোৰ্খা সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয় । উক্ত সভাত বক্তাসকলে এইসকল ছাত্ৰ-ছাত্ৰীক ভবিষ্য়তে জাতিটোৰ উন্নয়নৰ বাবে কাম কৰিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক:ডিফুত অৰুণোদয় মাহৰ শুভ উদ্বোধন

ABOUT THE AUTHOR

...view details