অসম

assam

ব্ৰহ্মপুত্ৰৰ বুকুত প্ৰথমবাৰলৈ NCCৰ নৌকাযাত্ৰা

By

Published : Oct 16, 2019, 7:54 PM IST

আহোম সেনাপতি বীৰ লাচিত বৰফুকনৰ স্মৃতিত আজিৰে পৰা ব্ৰহ্মপুত্ৰৰ বুকুত আৰম্ভ হৈছে ব্ৰহ্মপুত্ৰ নৌকাচালনা ৷ "Lachit -1 Brahmaputra Sailing Expeditions" নামেৰে NCCৰ NER নিৰ্দেশালয়ে আৰম্ভ কৰে এই দুঃসাহসিক নৌকা অভিযান ৷

NCC NER

বিশ্বনাথ, 16 অক্টোবৰঃআহোম সেনানী বীৰ লাচিত বৰফুকনৰ স্মৃতিত প্ৰথমবাৰৰ বাবে মহাবাহুৰ বুকুত দুঃসাহসিক নৌকা অভিযান ৷ নেশ্বনেল কেডেট কৰ্পছৰ উত্তৰ পূব নিৰ্দেশালয়ৰ অধীনত বিশ্বনাথ জিলাৰ বিশ্বনাথ ঘাটৰ পৰা আৰম্ভ হয় এই অভিযান ৷ উত্তৰ পূব নিৰ্দেশালয়ৰ অধীনত নাভেল ৱিঙৰ 60গৰাকী কেডেটে অংশগ্ৰহণ কৰিছে এই অভিযানত ৷

মোগলক 17বাৰকৈ পৰাজিত কৰিবলৈ সক্ষম হোৱা আহোম সেনাপতি, বীৰ লাচিত বৰফুকনৰ স্মৃতিত আয়োজন কৰা হৈছে এই অভিযান ৷ বুধবাৰে বিশ্বনাথ ঘাটৰ পৰা আৰম্ভ হোৱা এই যাত্ৰাত 3খনকৈ পালতৰা নাঁৱেৰে মহাবাহুৰ বুকুৰে নৌকাচালনা কৰিব কেডেটসকলে ৷ দহদিনৰ অন্তত 210 কিলোমিটাৰ যাত্ৰাপথ অতিক্ৰম কৰি অহা 25 অক্টোবৰত গুৱাহাটীৰ পাণ্ডুঘাটত উপস্থিত হ'ব অভিযানকাৰী দলটো ৷

ব্ৰহ্মপুত্ৰৰ বুকুত আৰম্ভ "লাচিত নৌকাযাত্ৰা"

"Lachit -1 Brahmaputra Sailing Expeditions" নামেৰে NCCৰ NER নিৰ্দেশালয়ে আৰম্ভ কৰে এই দুঃসাহসিক নৌকা অভিযানত অংশগ্ৰহণকাৰী কেডেটসকলক অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আদৰণি জনাব ৷ বিশ্বনাথ ঘাটত NCCৰ NER নিৰ্দেশালয়ৰ নিৰ্দেশক মেজৰ জেন. বিপিন বক্সি (বিশিষ্ট সেৱা মেডেল)য়ে শুভাৰম্ভনি কৰে এই যাত্ৰা ৷ উদ্বোধনী অনুষ্ঠানত বিশ্বনাথ জিলাৰ উপায়ুক্ত পবিত্ৰৰাম খাউণ্ড, আৰক্ষী অধীক্ষক ৰাকেশ ৰৌচন আৰু বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ উপস্থিত থাকে ৷

ABOUT THE AUTHOR

...view details