অসম

assam

ETV Bharat / state

75th years of NCC: NCC ৰ গৌৰৱোজ্জ্বল ৭৫ বছৰ উদযাপন - বিধায়ক প্ৰমোদ বৰঠাকুৰ

ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হৈছে ৰষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ গৌৰৱোজ্জ্বল হীৰক জয়ন্তী (NCC 75th year celebrated in Assam) ৷

NCC 75th year celebrated in Assam
75th years of NCC: NCC ৰ গৌৰৱোজ্জ্বল ৭৫ বছৰ উদযাপন

By

Published : Oct 18, 2022, 12:48 PM IST

কলিয়াবৰ/বিশ্বনাথ, 18 অক্টোবৰ: 75 বছৰ সম্পূৰ্ণ কৰিলে ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীয়ে (NCC) (75th years of NCC)৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হৈছে ৰষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ গৌৰৱোজ্জ্বল হীৰক জয়ন্তী (NCC 75th year celebrated in Assam) ৷

75th years of NCC: NCC ৰ গৌৰৱোজ্জ্বল ৭৫ বছৰ উদযাপন

এই বিশেষ দিনটোৰ উপলক্ষে সোমবাৰে বিশ্বনাথত ফ'ৰ ক'ৰৰ মুৰব্বী লেফটেনেণ্ট জেনেৰেল ডি এচ ৰানাৰ (LT General D S Rana) উপস্থিতিত ফ্লেগ অফ কৰে নৌকা যাত্ৰাৰ (NCC 75th year celebrated in Biswanath)৷ মহাবাহু ব্ৰহ্মপুত্ৰত নাও চলাই দহ দিনৰ মুৰত ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ কেডেট সকল উপস্থিত হ'বগৈ গুৱাহাটীৰ পাণ্ডু ঘাটত ( ৷ এই নৌকা যাত্ৰা ২৬ অক্টোবৰত অন্ত পৰিব৷ ব্ৰহ্মপুত্ৰৰ ১১ টাকৈ নৈৰ ঘাটক এই নৌকা যাত্ৰাই স্পৰ্শ কৰিব বুলি প্ৰকাশ কৰে ডি এচ ৰানাই ৷

75th years of NCC: NCC ৰ গৌৰৱোজ্জ্বল ৭৫ বছৰ উদযাপন

উল্লেখ্য যে ২০১৯ চনত "লাচিত ১" নামেৰে ভাৰতীয় নৌ সেনাই ব্ৰহ্মপুত্ৰ নদীত চলোৱা নৌকা যাত্ৰাই ইতিমধ্যে লিমকা বুক অফ ৰেকৰ্ডছত (Limca Book of records) স্থান লাভ কৰিবলৈ সক্ষম হৈছিল ৷ "লাচিত ২" নামেৰে আজি আৰম্ভ হোৱা এই নৌকা যাত্ৰাৰ জৰিয়তে কেডেট সকলে দহ দিন ধৰি ব্ৰহ্মপুত্ৰত নৌকা চালনা কৰিব ৷ এই যাত্ৰাৰ বাবে তিনিখনকৈ নৌকা সজাই পৰাই তোলা হৈছে ৷

লগতে পঢ়ক:Raju Sahu slammed AIUDF: লোকসভা নিৰ্বাচন AIUDF দল বিগ জিৰ হ’ব: ৰাজু চাহু

আজি আৰম্ভ হোৱা এই নৌকা যাত্ৰাত অংশগ্ৰহণ কৰা কেডেট সকলে শিলঘাটত নিশাটো কটাই কাইলৈ পুনৰ যাত্ৰা আৰম্ভ কৰিব ৷ অনুষ্ঠানত লগতে উপস্থিত থাকে বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিশ্বনাথ জিলা উপায়ুক্ত, বিশ্বনাথ জিলা আৰক্ষী অধীক্ষকে ধৰি সেনাৰ উচ্চ পদস্থ বিষয়া সকলৰ লগতে বিশ্বনাথ জিলাৰ উচ্চ পদস্থ বিষয়াসকল ৷

আনহাতে কলিয়াবৰতো উদযাপন কৰা হৈছে এই বিশেষ দিৱস (NCC 75th year celebrated at Kalibaor) ৷ বিশ্বনাথঘাটৰ নৌকা যাত্ৰীৰ দলটোৱে শিলাাটত জিৰণি লৈ মঙলবাৰে পুনৰ আৰম্ভ কৰে নৌকাযাত্ৰা ৷

লগতে পঢ়ক:PMKSK : কলিয়াবৰত প্ৰধানমন্ত্ৰীৰ ভাৰ্চুৱেলী মুকলি কৃষক সমৃদ্ধি কেন্দ্ৰ

ABOUT THE AUTHOR

...view details