অসম

assam

ETV Bharat / state

ৰাজ্যৰ বিভিন্ন স্থানত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন

ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে বিভিন্ন অনুষ্ঠানৰ ৷ ডিমা হাছাও, ধেমাজি, মৰিগাঁৱৰ লগতে বিশ্বনাথ জিলাতো পালন ৰাষ্ট্ৰীয় প্ৰেছ দিৱস (National Press day 2023) ৷

National Press day
ৰাজ্যৰ বিভিন্ন স্থানত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন

By ETV Bharat Assamese Team

Published : Nov 17, 2023, 7:23 AM IST

নিউজ ডেস্ক, 17 নৱেম্বৰ : সমগ্ৰ ৰাজ্যতে বৃহস্পতিবাৰৰ দিনটোত পালন কৰা হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস ৷ ডিমা হাছাও জিলাৰ তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত হাফলঙত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয় । ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ এইবৰ্ষৰ বিষয়বস্তু ‘‘কৃত্ৰিম বুদ্ধিমত্তাৰ যুগত সংবাদ মাধ্যম’’ শীৰ্ষক আলোচনা চক্ৰত অংশগ্ৰহণ কৰে ডিমা হাছাও জিলাৰ তথ্য আৰু জনসংযোগ বিভাগৰ উপ-সঞ্চালক পূৰবী ফংলয়ে ।

অনুষ্ঠানত উপস্থিত থাকি ডিমা হাছাও জিলাৰ অতিৰিক্ত সঞ্চালক দিনানাথ লোহিংয়ে বিষয়বস্তু সন্দৰ্ভত বক্তব্য ৰাখে । ইয়াৰ উপৰিও ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে ডিমা হাছাও জিলাৰ কৰ্মৰত সাংবাদিক অনুপ বিশ্বাস লালকাম হেংনা, নিৰ্মল সিং, পংকজ কুমাৰ দেৱ আদিকে ধৰি বহু সাংবাদিকে ডিমা হাছাও জিলাৰ কৰ্মৰত সাংবাদিকসকলৰ বিভিন্ন সমস্যা সন্দৰ্ভত সভাত অৱগত কৰে ৷

ধেমাজি জিলা প্ৰশাসনৰ সৌজন্যত জিলা তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত ধেমাজি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয় ৷ জিলা আয়ুক্ত অংকুৰ ভৰালীয়ে সভাপতিত্ব কৰা সভাত এইবছৰৰ নিৰ্ধাৰিত বিষয়বস্তু সন্দৰ্ভত বিশিষ্ট অতিথি আৰু জ্যেষ্ঠ সংবাদকৰ্মীসকলে বক্তব্য আগবঢ়ায় ৷ তদুপৰি মফচলীয় অঞ্চলৰ সংবাদকৰ্মীসকলে সন্মুখীন হৈ অহা সমস্যা, জীৱন-জীৱিকা নিৰাপত্তা আদিৰ বিষয়েও আলোচনা কৰা হয় ৷

মৰিগাঁও লাহৰীঘাট উন্নয়ন খণ্ডৰ প্ৰেক্ষাগৃহত দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে অসম ৰাজ্যিক সাংবাদিক সন্থাই ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ পালন কৰে । পবিতৰা হাট প্ৰেক্ষাগৃহত অনুষ্ঠিত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস অনুষ্ঠানৰ উদ্ধোধন কৰে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই ৷ অসম ৰাজ্যিক সাংবাদিক সন্থাৰ উদ্যোগত মৰিগাঁও জিলা সমিতি আৰু লাহৰীঘাট সাংবাদিক সন্থা সহযোগত ৰূপায়ণ হোৱা এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে জ্যেষ্ঠ সাংবাদিক ক্ৰমে দুলাল মিশ্ৰ আৰু মন্টু কুমাৰ শইকীয়াৰ লগতে কেবাগৰাকী ৰাজ্যিক পৰ্যায়ৰ জ্যেষ্ঠ সাংবাদিকে ৷

জিলা তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত বিশ্বনাথ জিলা প্ৰশাসনৰ সহযোগত বিশ্বনাথতো ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয় ৷ অনুষ্ঠানৰ সৈতে সংগতি ৰাখি পাঁচগৰাকী জ্যেষ্ঠ সাংবাদিকক সম্বৰ্ধনা জনোৱা হয় ৷

লগতে পঢ়ক :তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন

ABOUT THE AUTHOR

...view details