অসম

assam

ETV Bharat / state

বিশ্বনাথ চাৰিআলিত ৰাষ্ট্ৰীয় হস্ততাঁত বস্ত্ৰ মেলা - হস্ততাঁত বস্ত্ৰ মেলা

১৪ ডিচেম্বৰৰ পৰা ২৭ ডিচেম্বৰ লৈকে অনুষ্ঠিত হ'ব লগা এই বিশেষ হস্ততাঁত বস্ত্ৰ মেলা খন অসমৰ সাম্প্ৰতিক পৰিস্থিতি বাবে 21 ডিচেম্বৰৰ পৰা আৰম্ভ কৰা হয়

বিশ্বনাথ
বিশ্বনাথ চাৰিআলিত ৰাষ্ট্ৰীয় হস্ততাঁত বস্ত্ৰ মেলা

By

Published : Dec 22, 2019, 4:05 AM IST

বিশ্বনাথ, 21 ডিচেম্বৰঃ ভাৰত চৰকাৰৰ হস্ততাঁত উন্নয়ণ আয়ুক্তৰ আৰ্থিক সাহাৰ্য আৰু অসম চৰকাৰৰ আৰ্টফেডৰ সৌজন্যত বিশ্বনাথৰ কমলাকান্ত ক্ষেত্ৰত শনিবাৰ পৰা আৰম্ভ হৈছে বিশেষ হস্ততাঁত বস্ত্ৰ মেলা । অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে বিশ্বনাথৰ উপায়ুক্ত ধ্ৰুৱজ্যোতি দাস ৷ লগতে বন্তি প্ৰজ্বলন কৰি মেলা খনৰ উদ্বোধন কৰে উপায়ুক্ত গৰাকীয়ে ।

বিশ্বনাথ চাৰিআলিত ৰাষ্ট্ৰীয় হস্ততাঁত বস্ত্ৰ মেলা

ভাষণ প্ৰসংগত উপায়ুক্ত গৰাকীয়ে এনেধৰণৰ মেলাৰ প্ৰয়োজনীয়তাৰ বিষয়ে উপস্থিত ৰাইজৰ আগত বক্তব্য প্ৰদান কৰে । উল্লেখ্য যে ১৪ ডিচেম্বৰৰ পৰা ২৭ ডিচেম্বৰ লৈকে অনুষ্ঠিত হ'ব লগা এই বিশেষ হস্ততাঁত বস্ত্ৰ মেলা খন অসমৰ সাম্প্ৰতিক পৰিস্থিতি বাবে 21 ডিচেম্বৰৰ পৰা আৰম্ভ কৰা হয় ।

বিশ্বনাথ চাৰিআলিত ৰাষ্ট্ৰীয় হস্ততাঁত বস্ত্ৰ মেলা

এই বিশেষ হস্ততাঁত বস্ত্ৰ মেলা খনত ভাৰতৰ পঞ্জাৱ, হাৰিয়ানা, বিহাৰ, জম্মু কাশ্মীৰ, ৰাজস্থান, উত্তৰ প্ৰদেশ আদিৰ উপৰিও অসমৰ বিভিন্ন জিলাৰ সমবায় সমিতি আৰু আত্মসহায়ক গোটৰ ৪৪ খন বিপনিয়ে অংশগ্ৰহণ কৰে ।

বিশ্বনাথ চাৰিআলিত ৰাষ্ট্ৰীয় হস্ততাঁত বস্ত্ৰ মেলা

আৰু পঢ়কঃ উত্তৰ প্ৰদেশত নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত আৰক্ষী মহাপৰিদৰ্শকৰ সংবাদমেল

ABOUT THE AUTHOR

...view details