বিশ্বনাথ ,29 আগষ্টঃ বিশ্বনাথত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড । দুই ভাতৃৰ কণ্ডলৰ ফলতেই সংঘটিত হৈছে এক হত্যাকাণ্ড । ঘটনাটো সংঘটিত হৈছে প্ৰতাপগড় চাহ বাগিচাৰ ১ নং লাইনত । জানিব পৰা মতে, প্ৰতাপগড় চাহ বাগিছাৰ ১ নং লাইনৰ চবিন গড় আৰু তেওঁৰ জ্যেষ্ঠ ভাতৃ নবিন গড়ৰ মাজত শুকুৰবাৰে পুৱা কাজিয়াৰ সৃষ্টি হয় ।
জ্যেষ্ঠ ভাতৃৰ সহকৰ্মীৰ হাতত প্ৰাণ হেৰুৱালে কনিষ্ঠ ভাতৃয়ে - জ্যেষ্ঠ ভাতৃৰ সহকৰ্মীৰ হাতত প্ৰাণ হেৰুৱালে কনিষ্ঠ ভাতৃয়ে
বিশ্বনাথৰ প্ৰতাপগড় চাহ বাগিছাত হত্যাকাণ্ড ৷ দুই ভাতৃৰ মাজত হোৱা কণ্ডলৰ ফলতেই লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা ৷
![জ্যেষ্ঠ ভাতৃৰ সহকৰ্মীৰ হাতত প্ৰাণ হেৰুৱালে কনিষ্ঠ ভাতৃয়ে Murder case at Biswanath Pratapgarh Tea Estate](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8599119-515-8599119-1598672861766.jpg)
চবিন গড়ে এখন দাৰে জ্যেষ্ঠ ভাতৃ নবিন গড়ক আক্ৰমন কৰে । এই আক্ৰমনত নবিন গড় আঘাটপ্ৰাপ্ত হোৱাত ততালিকে মাতৃ আৰু নবিনৰ পত্নীয়ে বিশ্বনাথ মহকুমা অসামৰিক চিকিৎসালয় ভৰ্তি কৰে । ইফালে ঘটনাৰ খবৰ পোৱাৰ লগে লগে মিস্ত্ৰীৰ কাম কৰা নবিনৰ সহকৰ্মী লেপা নায়ক, ভায়া নায়ক, লালা নায়ক আৰু মহেশ গড় চবিনৰ ঘৰত উপস্থিত হৈ ঘৰৰ ভিতৰৰ পৰা চবিন গড়ক ওলিয়াই আনি এজোপা গছত বান্ধি উপৰ্যুপৰি প্ৰহাৰ কৰি হত্যা কৰাৰ অভিযোগ উঠিছে ।
ইতিমধ্যে ঘটনাস্থলীত বিশ্বনাথ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে মহেশ গড়ক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে যদিও বাকী তিনি হত্যাকাৰী এতিয়াও পলাতক হৈ আছে । লগতে চবিন গড়ৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে । সম্প্ৰতি এই ঘটনাই বিশ্বনাথত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
লগতে পঢ়কঃপ্ৰকৃতাৰ্থত কিমান লাভান্বিত ৰাজ্যৰ চাহ ব্যৱসায়?