অসম

assam

ETV Bharat / state

বিশ্বনাথত লোমহৰ্ষক হত্যাকাণ্ড - Murder at Biswanath

বিশ্বনাথৰ তিনিসুতি আৰক্ষী চকীৰ অন্তৰ্গত গুটিবাৰি গাঁৱত হত্যাকাণ্ড ৷ দাৰ ঘাপত প্ৰাণ গ'ল দেৱব্ৰত প্ৰসাদ নামৰ এজন ব্যক্তিৰ ৷

বিশ্বনাথত লোমহৰ্ষক হত্যাকাণ্ড
বিশ্বনাথত লোমহৰ্ষক হত্যাকাণ্ড

By

Published : Jan 5, 2020, 3:22 PM IST

বিশ্বনাথ, 5 জানুৱাৰীঃবিশ্বনাথ জিলাৰ জিনজিয়াৰ তিনিসুতি আৰক্ষী চকীৰ অন্তৰ্গত গুটিবাৰি গাঁৱত দেওবাৰে সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড ৷ ভূমি কেন্দ্ৰীক বিবাদৰ সংঘাতৰ বাবেই ছাবিৰ আলি হাতত প্ৰাণ যায় দেৱব্ৰত প্ৰসাদৰ ৷ দেৱব্ৰত প্ৰসাদৰ পৰিয়ালটোৰ ওপৰত দাৰৰে আক্ৰমণ চলায় ছাবিৰ আলিয়ে ৷ য‘ত দেৱব্ৰত প্ৰসাদ থিতাতে নিহত হোৱাৰ বিপৰীতে দেৱব্ৰত প্ৰসাদৰ পত্নী,পুত্ৰ আৰু জীয়ৰী গুৰুতৰ ভাৱে আহত হয় ৷

বিশ্বনাথত বিশ্বনাথত

সম্প্ৰতি তিনিওকে বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ বিবাদিত ভূমিত তামোল পুলি ৰূপন কৰাক কেন্দ্ৰ কৰিয়েই সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনাটো ৷ ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ছাবিৰ আলিক ৷

ABOUT THE AUTHOR

...view details