বিহালীত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী
দেওবাৰে বিশ্বনাথৰ বিহালী সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰণজিৎ দত্ত বাসগৃহত উপস্থিত হয় ডিব্ৰুগড় লোকসভা সমষ্টিৰ নৱনিৰ্বাচিত সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ৷
বিশ্বনাথ,9 জুনঃ দেওবাৰে বিশ্বনাথৰ কাউৰীপথাৰৰ যুৱক তথা বীৰ শ্বহীদ জোৱান নীৰজ ছেত্ৰীৰ বাসগৃহত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ৷ শ্বহীদ জোৱানগৰাকীৰ ঘৰলৈ যোৱাৰ পথত বিহালী সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তৰ বাসগৃহত উপস্থিত হয় সাংসদ তেলী ৷ কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ইটিভি ভাৰত অসমৰ আগত প্ৰকাশ কৰে যোৱা ২০ বছৰ ধৰি বিজেপি দলতে থাকি কাম কৰি কেন্দ্ৰীয় মন্ত্ৰী পদ পোৱাত দলীয় কৰ্মীসকল উৎফুল্লিত হোৱাৰ লগতে অসমৰ উদ্যোগ আৰু খাদ্য ফল-মূল কিদৰে সংৰক্ষণ কৰিব পাৰি তাৰ ওপৰত চিন্তা চৰ্চা কৰি আঁচনি গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰে ৷ আনহাতে , 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা সম্পৰ্কত সোধা এক প্ৰশ্নৰ উত্তৰত কয় যে, টি কে ইঞ্জিনীয়াৰিং নামৰ পথ নিৰ্মাণ সংস্থাটোৱে পথ নিৰ্মাণৰ ক্ষেত্ৰত যি লেহেমীয়াভাৱে আগবাঢ়িছে তাৰ ওপৰত গুৰুত্ব দিয়াৰ লগতে অসমৰ সমস্যা সমূহ কেন্দ্ৰ উপস্থাপন কৰা হ’ব ৷