অসম

assam

ETV Bharat / state

বিশ্বনাথত চৰকাৰী কামৰ খতিয়ান ল’লে সাংসদ পল্লৱ লোচন দাসে

তেজপুৰ সংসদীয় সমষ্টিৰ সাংসদ পল্লৱ লোচন দাসে বিশ্বনাথৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এক বৈঠকত বিভিন্ন চৰকাৰী বিভাগৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয় ৷ সাংসদগৰাকীৰ লগতে উপায়ুক্ত ধ্ৰুবজ্যোতি দাস আৰু বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰৰ উপস্থিত থাকে এই বৈঠকত ৷

বিশ্বনাথ
কামৰ খতিয়ান সাংসদ পল্লৱ লোচন দাসৰ

By

Published : Jan 22, 2020, 3:46 PM IST

বিশ্বনাথ,22 জানুৱাৰীঃ বিশ্বনাথ জিলাৰ উপায়ুক্তৰ সভাকক্ষত মঙলবাৰে অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ বৈঠক ৷ বৈঠকত জিলাখনৰ বিভিন্ন চৰকাৰী বিভাগৰ কাম-কাজৰ অগ্ৰগতিৰ আলোচনা কৰা হয় ৷ তেজপুৰ সংসদীয় সমষ্টিৰ সাংসদ পল্লৱ লোচন দাসৰ পৌৰোহিত্যত অনুষ্ঠিত বৈঠকখনত চতুৰ্দশ বিত্ত আয়োগৰ অনুদানেৰে চলি থকা উন্নয়নমূলক কামৰ অগ্ৰগতিৰ বুজ লয় । উপায়ুক্ত ধ্ৰুবজ্যোতি দাস আৰু বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰৰ উপস্থিত থাকে এই বৈঠকত ৷

কামৰ খতিয়ান সাংসদ পল্লৱ লোচন দাসৰ

সাংসদগৰাকীয়ে স্থৱিৰ হৈ থকা কামৰ ক্ষেত্ৰত বিভাগীয় বিষয়াসকলক জবাবদিহি কৰে ৷ পৰৱৰ্তী সময়ত দিশা সম্পৰ্কীয় বৈঠকৰ বাবে সম্পূৰ্ণৰূপে প্ৰস্তুত হৈ আহিবলৈ সাংসদগৰাকীয়ে বিষয়াসকলক নিৰ্দেশ দিয়ে । বৈঠকত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দিগন্ত বৈশ্য, অতিৰিক্ত উপায়ুক্ত প্ৰদীপ সূত্ৰধৰ, গহপুৰৰ মহকুমাধিপতি নৰেন্দ্ৰ কুমাৰ শ্বাহ, পৌৰপতি ৰুলী শৰ্মা, জিলাখনৰ সহকাৰী আয়ুক্তসকলৰ লগতে বিভিন্ন বিভাগৰ শীৰ্ষস্থানীয় বিষয়াসকল উপস্থিত থাকে ।

লগতে চাওকঃখেল' ইণ্ডিয়াৰ বক্সিঙ প্ৰতিযোগিতাত বিতৰ্ক

For All Latest Updates

ABOUT THE AUTHOR

...view details