বিশ্বনাথ, 18মে’: ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে অপৰাধ জনিত ঘটনা ৷ তেনে এক ঘটনাই সংঘটিত হৈছে গহপুৰত ৷ এগৰাকী মাতৃয়ে গহপুৰ মহকুমা চিকিৎসালয়ত নিজ সন্তান প্ৰসৱ কৰাৰ পিছতে চিকিৎসালয় খনৰ প্ৰসূতি কক্ষত পেলাই থৈ যায় ৷ সম্প্ৰতি মাতৃ গৰাকীৰ এই হৃদয় হীনা কাৰ্যই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
উল্লেখযোগ্য যে, চিকিৎসালয়ৰ ৰেজিষ্টাৰত লিপিবদ্ধ কৰা পৰিচয় অনুসৰি অৰুণাচল প্ৰদেশৰ বালিজান হলঙগীৰ এঞ্জেল টুংগী (২২) পিতৃ খিয়াপপে টুংগীৰ সৈতে অহা যুৱতী গৰাকীয়ে এটি পুত্ৰ সন্তান প্ৰসৱ কৰাৰ পিছতে ৰহস্যজনক ভাৱে চিকিৎসালয়ৰ পৰা পলায়ন কৰে ।