অসম

assam

By

Published : Jul 1, 2020, 5:00 PM IST

ETV Bharat / state

মাতৃ পুত্ৰৰ দুৰ্দশাৰ খবৰ ল'বলৈ আহৰি নাই জনপ্ৰতিনিধিৰ

বিশ্বনাথৰ ঘগৰা পঞ্চায়তৰ অধীনৰ গোপালবস্তি গাঁৱত এখন জৰাজীৰ্ণ চালিৰ তলতে যুগ যুগ ধৰি দুৰ্বিসহভাৱে জীৱন নিৰ্বাহ কৰি আহিছে তিলেশ্বৰী গড়ৰ লগতে বিশেষভাৱে সক্ষম পুত্ৰ ৰূপসিং গড়ে ৷ মাতৃ-পুত্ৰৰ দুৰ্দশাৰ প্ৰতি চকু দিবলৈ আজিকোপতি সময় নোলাল গহপুৰৰ স্থানীয় বিধায়ক উৎপল বৰাকে ধৰি কোনো এগৰাকী জন প্ৰতিনিধিৰ ৷

mother and son need help biswanath assam etv bharat news
মাতৃ পুত্ৰৰ দুৰ্দশাৰ খবৰ লবলৈ আহৰি নাই জনপ্ৰতিনিধিৰ

বিশ্বনাথ,1 জুলাই :গহপুৰ বিধানসভা সমষ্টিৰ এটা দৰিদ্ৰ পৰিয়ালৰ কৰুণ জীৱন কাহিনী পোহৰলৈ আহিছে ৷ জিলাখনৰ 34 খন গাঁও পঞ্চায়তৰ অন্যতম ঘগৰা পঞ্চায়তৰ অধীনৰ গোপালবস্তি গাঁৱত এখন জৰাজীৰ্ণ চালিৰ তলতে যুগ যুগ ধৰি দুৰ্বিসহভাৱে জীৱন নিৰ্বাহ কৰি আহিছে তিলেশ্বৰী গড়ৰ লগতে বিশেষভাৱে সক্ষম পুত্ৰ ৰূপসিং গড়ে ৷ উল্লেখ্যে যে, বিগত কিছুবছৰ পূৰ্বে মহিলাগৰাকীৰ পুত্ৰই বাঁহ কাটিবলৈ গৈ পতিত হয় এক দুৰ্ঘটনাত ৷ উক্ত দুৰ্ঘটনাই সলনি কৰে মাতৃ-পুত্ৰৰ জীৱন ৷দুৰ্ঘটনাটোত গুৰুত্বৰভাৱে আহত হৈ ৰূপসিঙৰএখন ভৰি দুৰ্বল হোৱাৰ ফলত আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছিল বিচনাত ৷ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰীয়ে বিচনাৰ আশ্ৰয় ল'বলগীয়া হোৱাত পানীত হাঁহ নচৰা অৱস্থা হৈছে দুজনীয়া পৰিয়ালটোৰ ৷

মাতৃ পুত্ৰৰ দুৰ্দশাৰ খবৰ লবলৈ আহৰি নাই জনপ্ৰতিনিধিৰ

মাত্ৰ এখন টিনৰ চালিৰ তলত জীৱন নিৰ্বাহ কৰা মাতৃ-পুত্ৰই বৰষুণ দিলে সন্মুখীন হ’বলগীয়া হয় তীব্ৰ সমস্য়াৰ ৷ লগতে বানৰ ফলত আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হয় আনৰ ঘৰত ৷ মাতৃ-পুত্ৰৰ দুৰ্দশাৰ প্ৰতি চকু দিবলৈ আজিকোপতি সময় নোলাল গহপুৰৰ স্থানীয় বিধায়ক উৎপল বৰাকে ধৰি কোনো এগৰাকী জন প্ৰতিনিধিৰ ৷

লগতে চাওকঃপেট্ৰ’ল ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত বাওঁপন্থী দলৰ

ABOUT THE AUTHOR

...view details