অসম

assam

ETV Bharat / state

বিশ্বনাথত বিদ্যুৎস্পৃষ্ট হৈ মাতৃ কন্যাৰ শোকাৱহ মৃত্যু - বিদ্যুৎস্পৃষ্ট হৈ মাতৃ কন্যাৰ শোকাৱহ মৃত্যু

বিশ্বনাথত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা ৷ বিদ্যুৎপৃষ্ট হৈ মৃত্যুক আকোৱালি ল’লে মাতৃ-কন্যাই (Mother and daughter died of electric shock) ৷ বি পি এল গ্ৰাহকক বিনামূলীয়া বিদ্যুতৰ নামত নিম্ন মানদণ্ডৰ তাঁৰ যোগান ধৰাৰ বাবেই বিদ্যুৎপৃষ্ট হৈ এইদৰে মাতৃ আৰু কন্যাৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

Woman girl killed in biswanath
বিদ্যুৎস্পৃষ্ট হৈ মাতৃ কন্যাৰ শোকাৱহ মৃত্যু

By

Published : Aug 27, 2022, 7:42 AM IST

Updated : Aug 27, 2022, 8:06 AM IST

বিশ্বনাথ, 27 আগষ্ট: বিশ্বনাথত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা (Electric shock incident in Biswanath) ৷ দৰিদ্ৰ সীমাৰেখাৰ তলৰ গ্ৰাহকক বিনামূলীয়া বিদ্যুতৰ নামত নিম্ন মানদণ্ডৰ তাঁৰ যোগান ধৰাৰ ফলতে এই ভয়ংকৰ ঘটনা সংঘটিত হ’বলৈ পোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে(Mother and daughter died of electric shock) ৷

শুকুৰবাৰে বিয়লি প্ৰায় ৫.৩০ মান বজাত বিশ্বনাথৰ ফইজুল আহমেদৰ পত্নী লালভানু খাতুনে (৩৪) গা ধুই ঘৰৰ চোতালত থকা তাঁৰত কাপোৰ মেলিবলৈ গৈছিল ৷ কাপোৰ মেলোতেই বিদ্যুৎপৃষ্ট হয় লালভানু নামৰ মহিলাগৰাকী ৷ মাতৃক কাপোৰ মেলা তাঁৰত লাগি কপি থকা প্ৰত্যক্ষ কৰি ওচৰতে থকা কন্যা ফৰিদা খাতুনে মাতৃক বচাবলৈ গৈ ফৰিদাও বিদ্যুৎপৃষ্ট হয় ৷ বিদ্যুৎপৃষ্ট মাতৃ-কন্যা দুয়ো থিতাতেই সাৱটিলে মৃত্যুক ৷

বিশ্বনাথত বিদ্যুৎস্পৃষ্ট হৈ মাতৃ কন্যাৰ শোকাৱহ মৃত্যু

লালভানু আৰু ফৰিদাক চোতালত কাপোৰ মেলা তাঁৰত লাগি থকা প্ৰতক্ষ্য কৰি স্থানীয় লোকে সেই স্থানত উপস্থিত হৈ দুয়োগৰাকীকে বিশ্বনাথ মহকুমা অসামৰিক চিকিৎসালয়লৈ আনে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ৷

ইয়াৰ পিছতে স্থানীয় লোকে জনায় যে, মৃত লালভানুৰ ঘৰৰ মিটাৰলৈ যোৱা তাঁৰডাল অতি নিম্ন মানদণ্ডৰ হোৱাৰ বাবে তাৰডাল গলি কাপোৰ মেলা তাঁৰত লাগি গৈছিল ৷ সেইবাবেই তিতা কাপোৰ মেলি দিয়াৰ লগে লগে তাঁৰডালত লাগি এই মৰ্মান্তিক ঘটনা সংঘটিত হোৱা বুলি জানিবলৈ দিয়ে ৷ এনেদৰে মাতৃ-কন্যাই অকাল মৃত্যুক সাৱতি লবলগীয়া হোৱা ঘটনাই সমগ্ৰ বিশ্বনাথতে শোকৰ ছাঁ পেলাইছে ৷

লগতে পঢ়ক:মৃত পিতৃৰ নামত ঋণ লৈ জালত পৰিল পুত্ৰ

Last Updated : Aug 27, 2022, 8:06 AM IST

ABOUT THE AUTHOR

...view details