অসম

assam

By

Published : Jan 28, 2021, 12:23 PM IST

ETV Bharat / state

অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ এখন জনশূণ্য গাঁও

বিশ্বনাথ চাৰিআলিৰ এখন পাণ্ডৱ বৰ্জিত গাঁও ৰূপান্তৰিত হ'বলৈ গৈছে এখন আদৰ্শ গাঁৱলৈ ৷ বিশ্বনাথ মহাবিদ্যালয়ৰ ৬০ গৰাকী নেশ্যনেল চাৰ্ভিচ স্কীমৰ শিক্ষাৰ্থীৰ প্ৰচেষ্টাত অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ গাঁও খনলৈ আশাৰ ৰেঙণি কঢ়িয়াই আনিছে ৷

অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ এখন জনশূণ্য গাঁও
অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ এখন জনশূণ্য গাঁও

বিশ্বনাথ, 28 জানুৱাৰী: বিশ্বনাথ চাৰিআলি নগৰৰ পৰা প্ৰায় ২০-২৫ কিলোমিটাৰ উত্তৰে অসম-অৰুণাচল প্ৰদেশ সীমান্তত অৱস্থিত এখন গাঁও । গাঁও খনত নাই কোনো লোক,কোনো অত্যাধুনিক সা-সুবিধা,নাই কোনো বিদ্যুৎ যোগান আঁচনি। কিন্তু শীঘ্ৰেই এই গাঁও খনলৈ আহিব দেশ-বিদেশৰ পৰ্যটক। অতি পিছপৰা এই গাঁওখন হৈ পৰিব পৰ্যটনস্থলী ৷ বিশ্বনাথ মহাবিদ্যালয়ৰ ৬০ গৰাকী নেশ্যনেল চাৰ্ভিচ স্কীমৰ শিক্ষাৰ্থীৰ প্ৰচেষ্টাত গাঁও খন ৰূপান্তৰিত হ'বলৈ গৈছে এখন আদৰ্শ গাঁৱলৈ ৷ বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যাপক ৰাজেশ্বৰ বড়োৰ নেতৃত্বত আৰু মহাবিদ্যালয় অধ্যক্ষ ড° চিন্তামনি শৰ্মাৰ তত্বাৱধানত তথা গাঁওবাসীৰ সহযোগত পৰ্যটনস্থলী ৰূপে গঢ় দিবলৈ যোৱা তিনিটা দিনৰ পৰাই আৰম্ভ কৰিছে বিভিন্ন কাৰ্যসূচী ।


উল্লেখ্য যে,ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ অধীনত সাতদিনীয়া বিশেষ শিৱিৰত অংশগ্ৰহণ কৰা ৬০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে সীমান্তৱৰ্তী গাঁও খনলৈ আশাৰ ৰেঙণি কঢ়িয়াই অনাত অত্যন্ত সুখী হৈ পৰিছে অঞ্চলটোৰ ৰাইজে ৷ পথাইলাংচ' উদ্যান হিচাপে নামাকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা গাঁওখনক লৈ এতিয়া চৰ্চা চলিছে সমগ্ৰ বিশ্বনাথতে ৷ শব্দ প্ৰদূষণ মুক্ত এই গাঁও খনলৈ মাঘ,ফাগুন আৰু ব'হাগ মাহত বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী চৰাই আহি এক নান্দনিক পৰিৱেশৰ সৃষ্টি কৰে ৷ শিক্ষাৰ্থী সকলে গাঁওখনৰ সকলো ঠাই চাফ চিকুণ কৰি ৰাজ্যৰ ভিতৰতে এখন স্বচ্ছ গাঁৱৰ মৰ্যাদা লাভ কৰাৰ চেষ্টা চলাই থকাৰ লগতে পৰ্যটকৰ বাবে পথাইজান নদীত নৌকা বিহাৰৰ সুবিধাৰ লগতে নৈশ যাপনৰ বাবে ৫ টাকৈ বিশাল চাংঘৰৰ ব্যৱস্থা কৰিছে ৷

লগতে পঢ়ক:আজি ঐতিহাসিক পথৰুঘাটৰ কৃষক শ্বহীদ দিৱস

ABOUT THE AUTHOR

...view details