বিশ্বনাথ,25 ফেব্ৰুৱাৰী: নিৰ্বাচনৰ পূৰ্বে কেবাটাও উন্নয়নমূলক কামৰ শুভাৰম্ভ বিহালী বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তৰ । সমষ্টিটোত পুলিচুমণি আদৰ্শ গাঁৱৰ ৪ টাকৈ আধাৰশিলা স্থাপন কৰে বিধায়কগৰাকীয়ে । উল্লেখযোগ্য যে, অসম চৰকাৰে প্ৰতিটো সমষ্টিতে দুখনকৈ আদৰ্শ গাঁৱত বিভিন্ন উন্নয়নমূলক আঁচনিৰ জৰিয়তে গাঁৱৰ সামগ্ৰীক পৰিৱেশ আগুৱাই নিবলৈ ৫ কোটি টকা আৱণ্টন দিছিল ৷ তাৰ অংশ হিচাপে ইতিমধ্যে বিহালীৰ আন এখন আদৰ্শ গাওঁ ৰাংছালীত মন্ত্ৰী ৰঞ্জিত দত্তই আধাৰশিলা স্থাপন কৰে ।
ইফালে, আন এখন আদৰ্শ গাওঁ পুলিচুমণি গাওঁখনৰ সামগ্ৰিক অৰ্থাৎ সামাজিক তথা অৰ্থনৈতিক বিকাশৰ জৰিয়তে আদৰ্শ গাঁও হিচাপে গঢ়ি তোলাৰ সংকল্প লৈ বুধবাৰে কেইবাটাও কামৰ শুভাৰম্ভ কৰে মন্ত্ৰী ৰঞ্জিত দত্তই । ইয়াৰ দ্বাৰা গাঁৱবাসীয়ে লাভ কৰিব সকলো অনাময়ৰ সা-সুবিধা, পথ, নলা-নৰ্দমা, বিদ্যুৎ, খোৱা পানী, বিদ্যালয়, স্বাস্থ্য সেৱা প্ৰতিষ্ঠান নিৰ্মাণৰ লেখীয়া উন্নতমানৰ ৰাজহুৱা সেৱা ৷ লগতে বিভিন্ন উন্নয়নমূলক কাম-কাজ কৰিবলৈ সুবিধা লাভ কৰিব ।