বিশ্বনাথ, 13 জুন : হোজাইৰ উদালী আৰু বিশ্বনাথৰ মাজুলীগৰ চাহ বাগিচাৰ চিকিৎসক নিগ্ৰহৰ(mob attack on doctor) ঘটনাৰ উত্তেজনা মাৰ নৌযাওঁতেই গহপুৰৰ নিৰ্মলা চাহ বাগানত সংঘটিত হ'ল শ্ৰমিকৰ দ্বাৰা চিকিৎসক নিগ্ৰহৰ চেষ্টাৰ আন এক ঘটনা । ঘটনাৰ বিৱৰণী অনুসৰি, নিৰ্মলা চাহ বাগিচাৰ চিকিৎসক ডাঃ সীমান্ত বৰুৱাৰ চিকিৎসালয় কক্ষৰ লগতে তেওঁৰ পত্নী সহিতে বসবাস কৰা বাংলোত শুকুৰবাৰে বিয়লি দুই শতাধিক চাহ শ্ৰমিকে(tea workers) আগুৰি ধৰি চিকিৎসক গৰাকীক বিচাৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷ দৈৱক্ৰমে শ্ৰমিকসকলে চিকিৎসক গৰাকীক বিচাৰি যোৱাৰ সময়ত চিকিৎসক গৰাকী কলঘৰত বাগান কৰ্তৃপক্ষৰ সৈতে উপস্থিত আছিল ।
শনিবাৰে এই ঘটনা পোহৰলৈ আহে আৰু ঘটনাৰ সাক্ষী হৈ ৰোৱা চিকিৎসক পত্নীয়ে জনায় যে, তেওঁ শ্ৰমিকসকলক বুজনি দিব বিচাৰিছিল যদিও তেওঁলোকে হুলস্থুল কৰি উত্তপ্ত পৰিৱেশ সৃষ্টি কৰি তোলে ৷ প্ৰায় দুই শতাধিক শ্ৰমিকে হাতে হাতে দা, যাঠী, জোং লৈ চিকিৎসক গৰাকীক আক্ৰমণ কৰিবলৈ অহাৰ কাৰণ এটাই আছিল যে, ডাঃ সীমান্ত বৰুৱাই সকলোকে চৰকাৰী নীতি অনুসৰি ক'ভিড টেষ্টৰ লগতে ক'ভিড ভেকচিন লোৱাতো বাধ্যতামূলক কৰিছিল ৷ তদুপৰি ক'ভিড আক্ৰান্ত লোকৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটিলে অক্সিজেনৰ সুবিধা ল’বলৈ কলাবাৰী ক'ভিড চিকিৎসালয়লৈ প্ৰেৰণ কৰিছিল ৷ চিকিৎসক গৰাকীৰ এনে প্ৰচেষ্টাৰ বাবে জাঙুৰ খাই উঠে নিৰ্মলা চাহ বাগানৰ একাংশ শ্ৰমিক ৷