অসম

assam

By

Published : Feb 18, 2021, 11:28 AM IST

ETV Bharat / state

আৰ্থিক সাহায্য বিতৰণ মন্ত্ৰী ৰঞ্জিত দত্তৰ

বিহালীত ১১১ টা নামঘৰলৈ অসম দৰ্শন আঁচনিৰ অধীনত মন্ত্ৰী ৰঞ্জিত দত্তৰ আৰ্থিক সাহায্য প্ৰদান ৷

অসম দৰ্শন আচঁনিৰ আৰ্থিক সাহাৰ্য বিতৰণ মন্ত্ৰী ৰঞ্জিত দত্তৰ
অসম দৰ্শন আচঁনিৰ আৰ্থিক সাহাৰ্য বিতৰণ মন্ত্ৰী ৰঞ্জিত দত্তৰ

বিশ্বনাথ,18 ফেব্ৰুৱাৰী:বুধবাৰে বিহালী সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ ৰেচম-হস্ততাঁত, বস্ত্ৰ শিল্প মন্ত্ৰী ৰঞ্জিত দত্তই বিহালীৰ বৰগাঙৰ এক ৰাজহুৱা সভাত অসম দৰ্শন আঁচনিৰ অধীনত ১১১ টা নামঘৰলৈ আৰ্থিক সাহায্য প্ৰদান কৰে । উল্লেখ্য যে, মন্ত্ৰীগৰাকীয়ে প্ৰতিটো নামঘৰলৈ ২.৫ লাখ টকাকৈ আগবঢ়াই আনুষ্ঠানিকভাৱে চেক বিতৰণ কৰে নামঘৰ পৰিচালনা সমিতিৰ সদস্যসকলৰ হাতত ।

অসম দৰ্শন আচঁনিৰ আৰ্থিক সাহাৰ্য বিতৰণ মন্ত্ৰী ৰঞ্জিত দত্তৰ

এই চেক বিতৰণ অনুষ্ঠানত উপস্থিত থাকে বিশ্বনাথৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাকে ধৰি সমষ্টিটোৰ কেইবা শতাধিক লোক । আনহাতে, ইয়াৰ লগতে বিধায়ক সমষ্টি উন্নয়ন পুঁজি ২০২০-২১ বৰ্ষৰ অধীনত নিৰ্মাণ হ’বলগীয়া ত্ৰিমূৰ্তি উদ্যানখনৰো আধাৰশিলা স্থাপন কৰে মন্ত্ৰী ৰঞ্জিত দত্তই ।

অসম দৰ্শন আচঁনিৰ আৰ্থিক সাহাৰ্য বিতৰণ মন্ত্ৰী ৰঞ্জিত দত্তৰ

লগতে পঢ়কঃ"ৰে’ল ৰোকো" কাৰ্যসূচীৰ বাবে অতিৰিক্ত 20 টা কোম্পানী মোতায়েন

ABOUT THE AUTHOR

...view details