বিশ্বনাথ, 29 আগষ্টঃ বিশ্বনাথত পকী দলঙৰ অধাৰশিলা স্থাপন বিধায়ক প্ৰমোদ বৰঠাকুৰৰ ৷ বিগত সপ্তাহৰ পৰা বিশ্বনাথ সমষ্টিত কেইবাখনো কাঠৰ দলং পকীকৰণৰ বাবে আধাৰশিলা স্থাপন কৰিছে বিধায়কগৰাকীয়ে ৷ উল্লেখ্য যে, সমষ্টিটোৰ 25 খনকৈ কাঠৰ দলঙৰ ভিতৰত অন্যতম অসম-অৰুণাচল সীমান্তৰ ছেলাইখাটি গাওঁ পঞ্চায়তৰ অন্তৰ্গত প্ৰছাৰ গাওঁ আৰু বালিচাং সংযোগী পথত থকা দলঙখনে যাতায়তৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সৃষ্টি কৰিছে ৷
বিশ্বনাথত পকী দলঙৰ অধাৰশিলা স্থাপন বিধায়ক প্ৰমোদ বৰঠাকুৰৰ
বিশ্বনাথত পকী দলঙৰ অধাৰশিলা স্থাপন বিধায়ক প্ৰমোদ বৰঠাকুৰৰ ৷ বিগত সপ্তাহৰ পৰা বিশ্বনাথ সমষ্টিত কেইবাখনো কাঠৰ দলং পকীকৰণৰ বাবে আধাৰশিলা স্থাপন কৰিছে বিধায়কগৰাকীয়ে ৷
আনহাতে, অঞ্চবাসীয়ে দীৰ্ঘসময় ধৰি এখন পকী দলঙৰ বাবে বিশ্বনাথৰ গড়াকাপ্তানি বিভাগক আবেদন জনাই আহিছিল ৷ শুকুৰবাৰে বিশ্বনাথৰ গড়াকাপ্তানি বিভাগৰ বিষয়া কৰ্মচাৰী আৰু অভিযন্তাৰ উপস্থিতিত দলঙখনৰ আধাৰশিলা স্থাপন কৰে বিধায়ক প্ৰমোদ বৰঠাকুৰে ৷ অঞ্চলটোৰ ৰাইজৰ যাতায়াতৰ ক্ষেত্ৰত দীৰ্ঘ দিনীয়া সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি এই পকী দলং খন নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰা হয় বুলি বিধায়ক গৰাকীয়ে প্ৰকাশ কৰে । ইয়াৰ উপৰিও সমষ্টিটো থকা ২৫ খন কাঠৰ দলংৰ ভিতৰত ইতিমধ্যে ১২ খন দলং পকীকৰণ হোৱা বুলি উল্লেখ কৰি বাকী থকা দলং সমুহো অতিশীঘ্ৰে গড়কাপ্তানি বিভাগৰ বিভিন্ন পকীকৰণৰ পুঁজিৰ জৰিয়তে নিৰ্মাণ কৰা হব বুলি উল্লেখ কৰে বিধায়কগৰাকীয়ে ৷
লগতে পঢ়ক-চাপৰমুখ ৰেল লাইনত মৃতদেহ উদ্ধাৰ