অসম

assam

By

Published : Sep 16, 2020, 2:03 PM IST

ETV Bharat / state

সমষ্টিবাসী ৰাইজৰ ঘৰে ঘৰে বিধায়ক পদ্ম হাজৰিকা

চতিয়া সমষ্টিৰ বিধায়কগৰাকীয়ে চাৰিদুৱাৰ জিলা পৰিষদৰ অন্তৰ্গত গড়মৰা,চাৰিদুৱাৰ,ভালুকমাৰী আৰু লোক্ৰা গাঁও পঞ্চায়তলৈ যোৱাৰ সমান্তৰালভাৱে বুধবাৰে মূঢ়াদল আৰু বৰভগীয়া জিলা পৰিষদৰ অন্তৰ্গত বহু সংখ্যক লোকৰ বাসগৃহত উপস্থিত হৈ ৰাইজৰ সমস্যা তথা অভাৱ অভিযোগৰ বুজ লয় ৷ তদুপৰি বিধায়ক গৰাকীয়ে সমষ্টিৰ প্ৰতিখন গাঁও পঞ্চায়তৰ জনপ্ৰতিনিধি সকলক নিজ নিজ গাঁও পঞ্চায়তৰ ৰাইজৰ ঘৰে ঘৰে গৈ অভাৱ অভিযোগ তথা সমস্যা সমুহৰ বুজ লৈ শীঘ্ৰে বিধায়ক গৰাকীৰ হাতত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে ৷

MLA Padma Hazarika visits Every house of his constituency
সমষ্টিবাসী ৰাইজৰ ঘৰে ঘৰে বিধায়ক পদ্ম হাজৰিকা

চতিয়া,16ছেপ্তেম্বৰঃ নিজ সমষ্টিৰ প্ৰতি ঘৰ মানুহৰ ঘৰত প্ৰৱেশ কৰি সমস্যা তথা অভাৱ অভিযোগৰ বুজ ল'বলৈ চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই গ্ৰহণ কৰিছে এলানি বিশেষ কাৰ্যসূচী ৷ মঙলবাৰৰ পৰা গ্ৰহণ কৰা এই কাৰ্যসূচীত বিধায়কগৰাকীয়ে দলৰ সকলো স্তৰৰ বিষয়ববীয়াৰ উপৰিও গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্যৰ পৰা জিলা পৰিষদৰ সদস্যলৈকে সকলোকে লগত লৈ সমষ্টিৰ অন্তৰ্গত প্ৰতিঘৰ নাগৰিকৰ চোতালত উপস্থিত হৈ তেওঁলোকৰ অভাৱ অভিযোগ তথা সমস্যা সমুহৰ বুজ লয় ৷

সমষ্টিবাসী ৰাইজৰ ঘৰে ঘৰে বিধায়ক পদ্ম হাজৰিকা

প্ৰথমদিনাৰ কাৰ্যসূচীত বিধায়ক গৰাকীয়ে চাৰিদুৱাৰ জিলা পৰিষদৰ অন্তৰ্গত গড়মৰা, চাৰিদুৱাৰ, ভালুকমাৰী আৰু লোক্ৰা গাঁও পঞ্চায়তলৈ যোৱাৰ সমান্তৰালভাৱে বুধবাৰে মূঢ়াদল আৰু বৰভগীয়া জিলা পৰিষদৰ অন্তৰ্গত বহু সংখ্যক লোকৰ বাসগৃহত উপস্থিত হৈ ৰাইজৰ সমস্যা তথা অভাৱ অভিযোগৰ বুজ লয় ৷ তদুপৰি বিধায়কগৰাকীয়ে সমষ্টিৰ প্ৰতিখন গাঁও পঞ্চায়তৰ জনপ্ৰতিনিধি সকলক নিজ নিজ গাঁও পঞ্চায়তৰ ৰাইজৰ ঘৰে ঘৰে গৈ অভাৱ অভিযোগ তথা সমস্যা সমুহৰ বুজ লৈ শীঘ্ৰে বিধায়ক গৰাকীৰ হাতত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে ৷

আনহাতে বিধায়ক গৰাকীয়ে চতিয়া সমষ্টিৰ গ্ৰামাঞ্চলৰ সকলোবোৰ বাট-পথ পকীকৰণৰ ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দি বাদ পৰি যোৱা বাকী পথবোৰো আগন্তুক দুই-তিনি মাহৰ ভিতৰত পকীকৰণ কৰা হ'ব বুলি সাংবাদিকৰ আগত মন্তব্য কৰে ৷

লগতে পঢ়কঃঅজন্তা নেওগৰ সমষ্টিত ৰাইজৰ দুৰ্দশাঃ পথত ভূঁই ৰুই কৰিলে প্ৰতিবাদ

ABOUT THE AUTHOR

...view details