বিশ্বনাথ, 13 নৱেম্বৰঃ বিশ্বনাথৰ লেহুগাঁৱৰ ৰাস মহোৎসৱত উখল-মাখল পৰিৱেশ ৷ বিগত বৰ্ষৰ দৰে এইবাৰো বৃহত্তৰ লেহুগাঁওবাসীয়ে ৰাইজে আয়োজন কৰিছে 18তম ৰাস মহোৎসৱৰ । 18তম ৰাস মহোৎসৱত মঙলবাৰে উপস্থিত থাকে বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ আৰু বিধায়িকা আঙুৰলতা ডেকা ।
ৰাস মহোৎসৱত কৃষ্ণ বন্দনা গালে বিধায়িকা আঙুৰলতাই - আঙুৰলতা ডেকা
লগতে ৰাস মহোৎসৱত উপস্থিত থকা ৰাইজক মনোৰঞ্জন দিয়াৰ উদ্দেশ্যে কৃষ্ণ বন্দনাও পৰিৱেশন কৰিলে বিধায়িকাগৰাকীয়ে ৷
ৰাস মহোৎসৱত কৃষ্ণ বন্দনা গালে বিধায়িকা আঙুৰলতাই
আৰু পঢ়কঃ- অ-পৰিৱৰ্তিত ৰাজধানী দিল্লীৰ বায়ু প্ৰদূষণ
ৰাস মহোৎসৱত উপস্থিত থাকি বিধায়িকা আঙুৰলতা ডেকাই ৰাইজক উদ্দেশ্যে কয়, এটা হাঁহিৰে এখন সমাজক জয় কৰিব পাৰি ৷ গতিকে এই হাঁহিটো মুুখত লৈ সকলোয়ে আগবাঢ়ক ৷ লগতে ৰাস মহোৎসৱত উপস্থিত থকা ৰাইজক মনোৰঞ্জন দিয়াৰ উদ্দেশ্যে কৃষ্ণ বন্দনাও পৰিৱেশন কৰিলে বিধায়িকাগৰাকীয়ে ৷
Last Updated : Nov 13, 2019, 2:15 PM IST