অসম

assam

ঘৰে ঘৰে ৰঞ্জিত দত্তৰ পৰিয়াল সম্পৰ্ক অভিযান

By

Published : Feb 24, 2021, 8:54 AM IST

সমাগত অসম বিধানসভা নিৰ্বাচনক লৈ ব্যস্ত হৈ পৰিছে শাসকীয় দল বিজেপি ৷ এইবাৰ বিজেপিয়ে আৰম্ভ কৰিলে পৰিয়াল সম্পৰ্ক অভিযান শীৰ্ষক এক নতুন অভিযান ৷ বিজেপিৰ এই নতুন অভিযানক লৈ ব্যস্ত হৈ পৰিছে শাসক দলৰ সকলো নেতা-কৰ্মী ৷ সমগ্ৰ ৰাজ্যৰ লগতে বিহালীৰ বিধায়ক তথা মন্ত্ৰী ৰঞ্জিত দত্তই ঘৰে ঘৰে গৈ চলালে পৰিয়াল সম্পৰ্ক অভিযান ৷

parial samparka abhijan by bjp
parial samparka abhijan by bjp

বিশ্বনাথ,24 ফেব্ৰুৱাৰী:সমাগত অসম বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাইজৰ আস্থা আদায় কৰিবলৈ এতিয়া শাসক আৰু বিৰোধী দুয়োপক্ষই যথেষ্ট ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে ৷ বিজেপিক দিছপুৰৰ পৰা উৎখাত কৰাৰ লক্ষ্য বান্ধি কংগ্ৰেছে জোৰদাৰ গতিত অসম বচাও আহক শীৰ্ষক অভিযান চলাই থকাৰ সমান্তৰালকৈ বিজেপি দলেও আৰম্ভ কৰিছে পৰিয়াল সম্পৰ্ক অভিযান শীৰ্ষক এক নতুন কাৰ্যসূচী ৷

মূলতঃ সমাগত অসম বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি আৰম্ভ কৰা এই অভিযানক লৈ এতিয়া বিজেপি দলৰ নেতা-কৰ্মীসকল যথেষ্ট ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে ৷ সমগ্ৰ ৰাজ্যৰ লগতে মঙলবাৰে 77 নং বিহালী বিধানসভা সমষ্টিতো বিধায়ক ৰঞ্জিত দত্তৰ নেতৃত্বত বিজেপি কৰ্মীসকলে আৰম্ভ কৰে এই অভিযান ৷

সমাগত অসম বিধানসভা নিৰ্বাচনক লৈ ব্যস্ত গেৰুৱা বাহিনী

মঙলবাৰে সমষ্টিটোৰ বিধায়ক তথা কেবিনেট মন্ত্ৰীগৰাকীয়ে দলীয় কৰ্মীসকলৰ সৈতে তিনিসূঁতি গাঁৱৰ ঘৰে ঘৰে গৈ পৰিয়ালৰ সুখ-দুখ, অভাৱ-অভিযোগৰ বুজ লোৱাৰ লগতে চৰকাৰে আগবঢ়োৱা বিভিন্ন আঁচনিৰ সুবিধাসমূহ লাভ কৰিছে নে নাই এই সম্পৰ্কেও বুজ লয় ৷

চৰকাৰে আগবঢ়োৱা বিভিন্ন চৰকাৰী আঁচনিৰ বিষয়ে জানিবলৈ বিজেপি কৰ্মীসকলৰ সৈতে সম্পৰ্ক বজাই ৰাখিবলৈ বিধায়ক দত্তই ৰাইজক অনুৰোধ জনায় ৷ পৰিয়াল সম্পৰ্ক অভিযানত বিধায়ক তথা মন্ত্ৰী গৰাকীক তিনিসূঁতি গাঁও পঞ্চায়তৰ সভানেত্ৰী, বৰঝাৰণি গাঁও পঞ্চায়তৰ সভানেত্ৰী, জিনজিয়া জিলা পৰিষদৰ সদস্য, মোনাবাৰী জিলা পৰিষদৰ সদস্য তৰুণ তাঁতী, বাঘমৰা মণ্ডল কমিটিৰ সভাপতি দধিৰাম শৰ্মা, মণ্ডলৰ সম্পাদক অংকুৰ শইকীয়াৰ লগতে কেইবাগৰাকীও দলীয় কৰ্মীয়ে সংগ দিয়ে ৷

লগতে পঢ়ক:আধাৰশিলা স্থাপনত ব্যস্ত মন্ত্ৰী যোগেন মহন

ABOUT THE AUTHOR

...view details