অসম

assam

ETV Bharat / state

Distribution No Dues Certificates : বিশ্বনাথত ঋণমুক্ত প্ৰমাণপত্র প্ৰদান উৰ্খাও গৌৰা ব্ৰহ্মৰ - অসম মাইক্ৰ’ফাইনান্স উদগনি আৰু সকাহ আঁচনি

বিশ্বনাথত অসম মাইক্ৰ’ফাইনান্স উদগনি আৰু সকাহ আঁচনিৰ তৃতীয় শ্ৰেণীৰ অধীনত উপকৃত হ'ব ২৭১৩ গৰাকী হিতাধিকাৰী ৷ বিশ্বনাথত ঋণ মুক্ত প্ৰমাণ পত্ৰ বিতৰণ অনুষ্ঠানৰ শুভাৰম্ভ কৰি এই মন্তব্য কৰে কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই ৷

Distribution No Dues Certificates
ঋণমুক্ত প্ৰমাণ পত্ৰ আনুষ্ঠানিকভাৱে বিতৰণ

By ETV Bharat Assamese Team

Published : Oct 17, 2023, 1:21 PM IST

ঋণমুক্ত প্ৰমাণ পত্ৰ আনুষ্ঠানিকভাৱে বিতৰণ

বিশ্বনাথ, ১৭ অক্টোবৰ : অসম চৰকাৰে ৰাজ্যখনৰ মাইক্ৰ’ফাইনান্স খণ্ডৰ ঋণী সকলে সম্মুখীন হোৱা অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি অসম মাইক্ৰ’ফাইনান্স উদগনি আৰু সকাহ আঁচনি, ২০২১ ৰ অধীনত আৰ্থিক সকাহ প্ৰদান কৰি আহিছে । এই সকাহ আঁচনিৰ তৃতীয় শ্ৰেণীৰ (CATEGORY - III) অধীনত বিশ্বনাথ জিলাতো সোমবাৰে ঋণ গ্ৰহণকাৰীক ঋণমুক্ত প্ৰমাণ পত্ৰ আনুষ্ঠানিকভাৱে বিতৰণ কৰে ।

ঋণ গ্ৰহণকাৰীক ঋণমুক্ত প্ৰমাণ পত্ৰ আনুষ্ঠানিকভাৱে বিতৰণ

বিশ্বনাথ চাৰিআলিৰ আৱৰ্ত ভৱনৰ সমীপৰ খেলপথাৰত অনুষ্ঠিত হোৱা এখন ৰাজহুৱা সভাত হিতাধিকাৰীসকলৰ মাজৰে পাঁচগৰাকীক ঋণ মুক্ত প্ৰমাণ পত্ৰ প্ৰদান কৰি এই বিতৰণ প্ৰক্ৰিয়াৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে অসম চৰকাৰৰ হস্ততাঁত বস্ত্ৰ শিল্প, ৰেচম আৰু ভূমি সংৰক্ষণ বিভাগৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই । তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱলোচন দাস, গহপুৰ বিধানসভা সমষ্টিৰ বিধায়ক উৎপল বৰা, বিশ্বনাথ বিধানসভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ প্ৰমুখ্যে গণ্যমান্য ব্যক্তিসকলৰ উপস্থিতি থাকে ৷

বিশ্বনাথত উপকৃত হ'ব ২৭১৩ গৰাকী হিতাধিকাৰী

এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই কয়, ‘‘এই তৃতীয় পর্যায়ত চৰকাৰে ২৫,০০০ টকালৈকে ঋণ লোৱা সকলক অগ্ৰাধিকাৰ দিছে । চৰকাৰে ২৫,০০০ ৰ পৰা ৫০,০০০ টকালৈকে ঋণগ্ৰহণকাৰীসকলকো এই সুবিধা প্ৰদানৰ কথা সক্ৰিয়ভাৱে বিবেচনা কৰি আছে ৷ যাৰ ফলত তেওঁলোক পুনৰবাৰ ঋণ লোৱাৰ বাবে যোগ্য হৈ উঠিব’’ ।

বিশ্বনাথত উপকৃত হ'ব ২৭১৩ গৰাকী হিতাধিকাৰী

মন্ত্ৰীগৰাকীয়ে জিলাখনৰ সকলো মাইক্ৰ’ফাইনান্স ঋণ গ্ৰহণকাৰীক তেওঁলোকৰ বকেয়া ঋণসমূহ সময় মতে পৰিশোধ কৰিবলৈ আহ্বান জনায় ৷ প্ৰতিষ্ঠানসমূহে যিদৰে প্ৰয়োজনৰ সময়ত আইমাতৃসকলক ঋণ প্ৰদান কৰি সহায় কৰিছে, তেওঁলোকৰো ঋণ পৰিশোধ কৰি সহায় কৰাটো সকলোৰে দায়িত্ব বুলি তেওঁ উল্লেখ কৰে ।

বিশ্বনাথত মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্ম

উল্লেখযোগ্য যে, বিশ্বনাথ জিলাখনত এই আঁচনিৰ অধীনত মুঠ ২৭১৩ গৰাকী হিতাধিকাৰী উপকৃত হ'ব । অসম মাইক্ৰ’ফাইনান্স উদগনি আৰু সকাহ আঁচনি, ২০২১ ৰ দ্বিতীয় পৰ্যায়ৰ অধীনত বিশ্বনাথ জিলাত মুঠ ১২,৫৯০ গৰাকী প্ৰথম শ্ৰেণীৰ হিতাধিকাৰী উপকৃত হৈছে । সেইদৰে জিলাখনত দ্বিতীয় শ্ৰেণীৰ ৩০৯৯ গৰাকী হিতাধিকাৰীও উপকৃত হৈছিল ।

ঋণমুক্ত প্ৰমাণ পত্ৰ বিতৰণ

এই অনুষ্ঠানটিত তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱলোচন দাস, বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ আৰু গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰাই ভাষণ প্ৰদান কৰে ৷ লগতে তেওঁলোকে মাইক্ৰ’ফাইনান্স প্ৰতিষ্ঠানৰ পৰা ঋণ গ্ৰহণ কৰি বিভিন্ন কাৰণত সমস্যাৰ সন্মুখীন হোৱা ৰাজ্যখনৰ মহিলাসকলৰ বাবে বৰ্তমান চৰকাৰখনে এই অভিলাসী আঁচনি গ্ৰহণ কৰিছে বুলিও উল্লেখ কৰে ৷

ভাস্কৰজ্যোতি বৰাই আঁতধৰা এই অনুষ্ঠানত জিলাখনৰ কেইবাহাজাৰ মহিলা হিতাধিকাৰী উপস্থিত থাকে ৷ এই অনুষ্ঠানত বিশ্বনাথৰ জিলা আয়ুক্ত ডাঃ নেহা যাদৱে আদৰণি ভাষণ প্ৰদান কৰে । অনুষ্ঠানটিত বিশ্বনাথ চাৰিআলি পৌৰ সভাৰ পৌৰপতি অমৰজ্যোতি বৰঠাকুৰ, বিশ্বনাথ জিলা পৰিষদৰ সভানেত্ৰী লাবণ্য চাৰেঙীয়া উপস্থিত থাকে ৷

লগতে পিচপৰা জাতি পৰিষদৰ উপাধ্যক্ষ ডাঃ ৰঞ্জন গগৈ, সমাজকৰ্মী পংকজ বৰা, দিগন্ত ঘাটোৱাৰ, আৰক্ষী অধীক্ষক শুভাশীষ বৰুৱা, অতিৰিক্ত জিলা আয়ুক্ত ধ্ৰুৱজ্যোতি দাস, অতিৰিক্ত জিলা আয়ুক্ত তথা গহপুৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি লুকুমণি বৰা আদিৰ লগতে বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া আৰু জিলা প্ৰশাসনৰ কৰ্মচাৰীসকলো উপস্থিত থাকে ৷

লগতে পঢ়ক :Jayanta Malla Baruah on Bhupen kumar Borah; ভূপেন বৰাই চাঙে চাঙে গৈয়ে গণ্ডগোল লগালে, কংগ্ৰেছে জানে লুংগী আৰু টুপী ক’ত পিন্ধিব লাগে : জয়ন্ত মল্ল বৰুৱা

ABOUT THE AUTHOR

...view details