অসম

assam

ETV Bharat / state

ৰতোৱাত পত্নীৰ সৈতে কঁকাল ভাঙিলে মন্ত্ৰী ৰঞ্জিত দত্তই - Minister Ranjit Dutta was dancing bihu with his wife

আন আন প্ৰান্তৰ দৰে পহিলা ব'হাগৰ দিনটোত বিশ্বনাথৰ বিহালীবাসীয়েও উদযাপন কৰিলে প্ৰাণৰ আপোন বিহুটি ৷ ব্যতিক্ৰমী ৰূপত মানুহ বিহু উদযাপন কৰা বিহালীত ৰাজ্যবাসীলৈ বিহু উলগ জনোৱাৰ লগতে পত্নী গীতা দত্তক লগত লৈ ঢোলৰ চেৱত কঁকাল ঘূৰাই নাচিলে কেৱিনেট মন্ত্ৰী ৰঞ্জিত দত্তই ৷

ৰতোৱাত পত্নীৰ সৈতে কঁকাল ভাঙিলে মন্ত্ৰী ৰঞ্জিত দত্তই
ৰতোৱাত পত্নীৰ সৈতে কঁকাল ভাঙিলে মন্ত্ৰী ৰঞ্জিত দত্তই

By

Published : Apr 16, 2021, 8:21 AM IST

Updated : Apr 16, 2021, 11:37 AM IST

বিশ্বনাথ,16 এপ্ৰিল : ৰাজ্যবাসী অতি উলাহেৰে পহিলা ব'হাগৰ দিনটোত উদযাপন কৰিলে হেঁপাহৰ ৰঙালী বিহুটি ৷ আন আন প্ৰান্তৰ দৰে বিশ্বনাথৰ বিহালীবাসীয়েও উদযাপন কৰিলে প্ৰাণৰ আপোন বিহুটি ৷ বিহালীৰ কেইবাটাও ঠাইত ব্যতিক্ৰমী ৰূপত মানুহ বিহু উদযাপন কৰিলে ৰঙালী বিহু সন্মিলনী সমূহে ৷ সমগ্ৰ বিহালীবাসীয়ে অনুষ্ঠিত কৰা বিহু অনুষ্ঠানত কেৱিনেট মন্ত্ৰী ৰঞ্জিত দত্তয়ো এপাক নাচিলে ৰাইজৰ লগত ৷

ৰতোৱাত পত্নীৰ সৈতে কঁকাল ভাঙিলে মন্ত্ৰী ৰঞ্জিত দত্তই

বৰগাং কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনীয়ে অনুষ্ঠিত কৰা মুকলি বিহুৰ পৰাই ৰাজ্যবাসীলৈ বিহু উলগ জনোৱাৰ লগতে পত্নী গীতা দত্তক লগত লৈ ঢোলৰ চেৱত কঁকাল ঘূৰাই নাচিলে মন্ত্ৰীগৰাকীয়ে ৷ বিহালীৰ ৰতোৱাবাসী ৰাইজে সতামপুৰুষীয়া ঐতিহ্য তথা পৰম্পৰা ৰক্ষা কৰি মাহ-হালধিৰে জ্যেষ্ঠ আৰু কণিষ্ঠ জনক নোৱাই-ধুৱাই আনন্দ উল্লাসেৰে মতলীয়া হৈ উদযাপন কৰিলে চেনেহৰ ৰঙালী বিহু ৷

উল্লেখ্য যে, দক্ষিণ ৰাংচালী দ্বীপজ্যোতি ক্ৰীড়া সংঘৰ 30তম ৰঙালী বিহু সন্মিলনৰ সভাপতি শ্ৰীমন্ত দাসে পতাকা উত্তোলন কৰা পাচতে ৰতোৱা, টেলেঙনিয়া, দক্ষিণ ৰাংচালী আৰু বৰগাঙত অনুষ্ঠিত বিহু উদযাপন সমিটি সমূহে বাৰেৰহণীয়া সাংকৃতিক শোভাযাত্ৰাৰ জৰিয়তে নৱ প্ৰজন্মক বিহু তথা অসমীয়া জাতীয় জীৱনৰ লগত বিজড়িত কৃষ্টি-সংস্কৃতিৰ প্ৰতি আগ্ৰহী কৰাৰ প্ৰয়াস কৰা দেখা গ'ল ৷

লগতে পঢ়ক : পূৱ বিলাসীপাৰাত জ্যেষ্ঠ-কণিষ্ঠৰ মহামিলন পৰ্ব

Last Updated : Apr 16, 2021, 11:37 AM IST

ABOUT THE AUTHOR

...view details