অসম

assam

By

Published : Jul 26, 2020, 10:41 PM IST

ETV Bharat / state

বিহালীত মন্ত্ৰী ৰঞ্জিত দত্তৰ আধাৰশিলা স্থাপন

দেওবাৰে অসম চৰকাৰৰ মন্ত্ৰী তথা বিহালী সমষ্টি বিধায়ক ৰঞ্জিত দত্তই বিহালী সমষ্টিৰ অন্তৰ্গত বৰগাং গাঁও পঞ্চায়ত, বৰঝাৰণি গাঁও পঞ্চায়ত, খৰাশিমলু গাঁও পঞ্চায়ত অধীনত 2019-20 বৰ্ষৰ SOP-G আঁচনিৰ অধীনত ৩ টা ব্লক ইটা দ্বাৰা নিৰ্মাণ হ'বলগীয়া পথৰ আধাৰশিলা স্থাপন কৰে । 1 কোটি 85 লাখ টকাৰে নিৰ্মাণ হ'বলগৰীয়া পথটো চৰকাৰী নিয়ম-নীতি মতে নিৰ্মাণ কৰিবলৈ ঠিকাদাৰক আহ্বান জনাই মন্ত্ৰী গৰাকীয়ে ।

MINISTER RANJIT DUTTA ROAD OPENING IN BISWANATH BIHALI
বিহালীত মন্ত্ৰী ৰঞ্জিত দত্তৰ আধাৰশিলা স্থাপন

বিশ্বনাথ 26 জুলাই : ৰাজ্য়ত ক'ভিড-19 আৰু বানপানীৰ তাণ্ডৱ চলি থকাৰ মাজতে দেওবাৰে অসম চৰকাৰৰ হস্ততাঁত বস্ত্ৰ শিল্প মন্ত্ৰী তথা বিহালী সমষ্টি বিধায়ক ৰঞ্জিত দত্তই বিহালী সমষ্টিৰ অন্তৰ্গত বৰগাং গাঁও পঞ্চায়ত,বৰঝাৰণি গাঁও পঞ্চায়ত,খৰাশিমলু গাঁও পঞ্চায়ত অধীনত 2019-20 বৰ্ষৰ SOP-G আঁচনিৰ অধীনত ৩ টা ব্লকত নিৰ্মাণ হ'বলগীয়া পথৰ আধাৰশিলা স্থাপন কৰে ।

বিহালীত মন্ত্ৰী ৰঞ্জিত দত্তৰ আধাৰশিলা স্থাপন

ইফালে,মন্ত্ৰীগৰাকীয়ে বৰগাং গাঁও পঞ্চায়তৰ অধীনৰ ৰামপুৰ পৰা বগৰিসুঁতিলৈ যোৱা পথটোৰ আধাৰশিলা স্থাপন কৰাৰ পাচতে বৰঝাৰণি গাঁও পঞ্চায়তৰ অন্তৰ্গত
ভৰালীজুলি পৰা মোনাবাৰী পথটোৰ পঁকীকৰণ কামৰ শুভাৰম্ভ কৰে । 1 কোটি 85 লাখ টকাৰে নিৰ্মাণ হ'বলগৰীয়া পথটো চৰকাৰী নিয়ম-নীতি মতে নিৰ্মাণ কৰিবলৈ ঠিকাদাৰক আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে ।

বিহালীত মন্ত্ৰী ৰঞ্জিত দত্তৰ আধাৰশিলা স্থাপন

আনহাতে,মন্ত্ৰী ৰঞ্জিত দত্তই আধাৰশিলা স্থাপন কৰাৰ পাচতে মোনাবাৰী চাহ বাগিচাৰ লাহৰিজানত উপস্থিত হৈ অসম দৰ্শন 2019-20 আচঁনিৰ মোনাবাৰী-লাহৰীজানত নিৰ্মাণ কাৰ্য চলি থকা পথটোৰ দুয়োকাষে বৃক্ষৰোপন কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে । লগতে,যিসকল ঠিকাদাৰে পথসমুহ নিৰ্মাণ কৰিবলৈ অনুমতি লাভ কৰিছে সেইসকল ঠিকাদাৰে পথ সমুহৰ দুয়ো কাষত গছপুলি ৰোপণ কৰাটো বাধ্যতামূলক বুলি প্ৰকাশ কৰে মন্ত্ৰী ৰঞ্জিত দত্তই ।

বিহালীত মন্ত্ৰী ৰঞ্জিত দত্তৰ আধাৰশিলা স্থাপন

উল্লেখ্য যে,আধাৰশিলা অনুষ্ঠানত বিশ্বনাথ জিলা গড়কাপ্টানি বিভাগৰ অভিযন্তা,সহকাৰী অভিযন্তা লগতে বৰঝাৰণিৰ প্ৰাক্তন শিক্ষক যোগেন ৰংহাগ,অংকুৰ শইকীয়া,বাঘমৰা বিজেপি মণ্ডল কমিটি সম্পাদক,বৰঝাৰণি সভানেত্ৰী,গাংমৌথান গাঁও পঞ্চায়তৰ সভাপতি বাপটি দাস,জ্যেষ্ঠ সাংবাদিক অমিতাভ বৰুৱাকে আদি কৰি বহু কেইজন লোক উপস্থিত থাকে ।

লগতে পঢ়ক :বিজেপিৰ নেতাৰ কুকীৰ্তি : মহিলালৈ ছ'চিয়েল মিডিয়াৰ জৰিয়তে অশ্লীল প্ৰস্তাৱ

ABOUT THE AUTHOR

...view details