বিশ্বনাথ ১৬ মে': কৰ'ণা মহামাৰীৰ সময়ছোৱাত জনাসাধাৰণৰ কাষত থাকি সজাগতা সৃষ্টি কৰা তথা সহায়ৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পৃথক পৃথক জিলাৰ দায়িত্ব অৰ্পণ কৰিছে ৰাজ্যৰ মন্ত্ৰীসকলক ৷ সেই অনুসৰি অসম চৰকাৰৰ ৰেচম হস্ততাঁত বস্ত্ৰ শিল্প মন্ত্ৰী ৰঞ্জিত দত্তক অৰ্পণ কৰিছে লখিমপুৰ আৰু বিশ্বনাথ জিলাৰ দায়িত্ব ৷ ইয়াৰ পাছতে অধিক তৎপৰ হৈ পৰিছে মন্ত্ৰী ৰঞ্জিত দত্ত ৷ জিলা দুখনৰ প্ৰশাসনিক বিষয়া সকলৰ সৈতে ইখনৰ পাছত সিখন বৈঠকত মিলিত হৈছে মন্ত্ৰী ৰঞ্জিত দত্ত ৷
শুকুৰবাৰে বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাধিপতি কাৰ্যালয়ত গহপুৰ মহকুমা চিকিৎসা বিভাগৰ বিষয়া কৰ্মচাৰী, গড়কাপ্তানী বিভাগৰ বিষয়া, জন স্বাস্থ্যকাৰীকৰি বিভাগৰ বিষয়া কৰ্মচাৰীৰ লগতে গহপুৰ মহকুমাধিপতি, গহপুৰৰ বিধায়ক উৎপল বৰাৰ লগতে বিশ্বনাথ জিলা উপায়ুক্ত ধ্ৰুৱজ্যোতি দাসৰ উপস্থিতিত এখনি বৈঠকত মিলিত হয় মন্ত্ৰী ৰঞ্জিত দত্ত ৷ বৈঠকৰ পাছত সাংবাদিকৰ আগত মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰে যে, মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি গহপুৰ ,বিশ্বনাথ, বিহালী আৰু চতিয়াত থকা কোৱাৰেন্টাইন কেন্দ্ৰ সমুহত বিধায়ক পুঁজি ধন ব্যৱহাৰ কৰা হ'ব ৷ কাৰণ কোৱাৰেন্টাইন কেন্দ্ৰ সমুহত সকলো নতুন বস্তুৰ লগতে সুকীয়াকৈ সুকীয়াকৈ শৌচাগাৰ, বিচনা, খাদ্য, সামগ্ৰীৰ প্ৰয়োজন হ'ব আৰু উক্ত কাম সমুহ কৰিবলৈ বৃহৎ পৰিমানৰ ধনৰ প্ৰয়োজন হ'ব ৷ সেই বাবে মুখ্যমন্ত্ৰীৰ নিদেৰ্শত এই কোৱাৰেন্টাইন কেন্দ্ৰ সমুহত ব্যৱহাৰ হোৱা ধন সমুহ বিধায়ক পুঁজি পৰা ব্যৱহাৰ কৰাৰ উদ্দেশ্যেই বৈঠক খন আহ্বান কৰা হয় বুলি জনাই মন্ত্ৰী ৰঞ্জিত দত্তই ৷ লগতে এই কেন্দ্ৰসমুহ পৰিচালনা কৰিবলৈ কেইবাখনো কমিটি গঠন কৰা হৈছে বুলি প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে ৷