বিশ্বনাথ,29 জানুৱাৰী: বিশ্বনাথৰ বিহালী বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তই শুকুৰবাৰে বিহালী সমষ্টিৰ ভৰালীজুলিত জলসিঞ্চন বিভাগৰ অধিনত বোৱতী আঁচনিৰ আধাৰশিলা স্থাপন কৰে। মন্ত্ৰী গৰাকীৰ লগতে বিশ্বনাথ চাৰিআলি জলসিঞ্চন সংমণ্ডলৰ অধীনত বোৱতী আঁচনিৰ দ্বাৰা ২ কোটি ৫০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া আঁচনিখনৰ আধাৰশিলা স্থাপন অনুষ্ঠানত জিলা জলসিঞ্চন বিভাগৰ কেইবাজনো বিষয়া উপস্থিত থাকে ।
কংগ্ৰেছৰ মহাজোঁটে বিহালীত একো প্ৰভাৱ নেপেলায়: মন্ত্ৰী ৰঞ্জিত দত্ত
বিশ্বনাথ চাৰিআলি জলসিঞ্চন সংমণ্ডলৰ অধিনত বোৱতী আঁচনিৰ দ্বাৰা ২ কোটি ৫০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এখন আঁচনিৰ শুকুৰবাৰে আধাৰশিলা স্থাপন কৰে বিহালী বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তই ৷
কংগ্ৰেছৰ মহাজোঁটে বিহালীত একো প্ৰভাৱ নেপেলায়: মন্ত্ৰী ৰঞ্জিত দত্ত
ইফালে,এই আধাৰশিলা স্থাপনৰ পাচতে মন্ত্ৰী গৰাকীয়ে এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে। সভাখনত কংগ্ৰেছ মহাজোঁট সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে কয় যে,কংগ্ৰেছৰ মহাজোঁটে বিহালীত একো প্ৰভাৱ নেপেলায়। বিহালীত যোৱা ৫ টা বছৰত যিমান উন্নয়ন হ'ল সিমানখিনি উন্নয়ন কোনো বিধায়কৰ দিনত হোৱা নাছিল ৷ গতিকে ইমানখিনি উন্নয়ন হোৱাৰ পাচত কিবা প্ৰভাৱ পৰিব বুলি মই নাভাৱো।
Last Updated : Jan 29, 2021, 2:26 PM IST