অসম

assam

By

Published : Feb 22, 2021, 5:36 PM IST

ETV Bharat / state

ৰাংছালী আদৰ্শ গাৱঁৰ আধাৰশিলা স্থাপন কৰিলে মন্ত্ৰী ৰঞ্জিৎ দত্তই

দেওবাৰে বিশ্বনাথত ৰাংছালী আদৰ্শ গাৱঁৰ আধাৰশিলা স্থাপন কৰিলে অসম চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত দত্তই । অসম চৰকাৰৰ অসম আদৰ্শ গ্ৰাম যোজনাৰ অধীনত বিশ্বনাথত নিৰ্মাণ হ'ব দুখনকৈ আদৰ্শ গাঁও ৷ বিশ্বনাথত নিৰ্মাণ হ'ব লগীয়া দুই আদৰ্শ গাঁৱত থাকিব চিকিৎসা, শিক্ষা আৰু কৰ্ম সংস্থাপনৰ বাবে বিভিন্ন সা-সুবিধা ৷

model village in biswanath
model village in biswanath

বিশ্বনাথ, 22 ফেব্ৰুৱাৰী:অসম চৰকাৰৰ অসম আদৰ্শ গ্ৰাম যোজনাৰ অধীনত বিশ্বনাথত হ'বলগীয়া আদৰ্শ গাঁৱৰ আধাৰশিলা স্থাপন কৰিলে কেন্দ্ৰীয় মন্ত্ৰী ৰঞ্জিৎ দত্তই ৷ দেওবাৰে মন্ত্ৰী ৰঞ্জিৎ দত্তই বিশ্বনাথ জিলা প্ৰশাসন, বিহালী উন্নয়ন কাৰ্যালয়ৰ উদ্যোগত, সদৌ ৰাংছালী আৰ্থ সামাজিক উন্নয়ন সমিতি আৰু বৃহত্তৰ ৰাংছালীবাসী ৰাইজৰ সহযোগত অসম চৰকাৰক অসম আদৰ্শ গ্ৰাম যোজনা ৰ অধীনত হ'বলগীয়া দুখনকৈ আদৰ্শ গাঁৱৰ ভিতৰত বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ অন্তৰ্গত বিহালী খণ্ড উন্নয়ন কাৰ্যালয় অধীনৰ ৰাংছালীত আদৰ্শ গাঁৱৰ আদৰণি তোৰণৰ আধাৰশিলা স্থাপন কৰে ৷

অসম চৰকাৰৰ অসম আদৰ্শ গ্ৰাম যোজনাৰ অধীনত বিশ্বনাথত নিৰ্মাণ হ'ব দুখনকৈ আদৰ্শ গাঁও

বিশ্বনাথত নিৰ্মাণ হ'ব লগীয়া এই দুই আদৰ্শ গাঁৱত চিকিৎসা, শিক্ষা আৰু কৰ্ম সংস্থাপনৰ বিভিন্ন সা-সুবিধা সমূহ থাকিব ৷ ইয়াৰে অংশ হিচাপে দেওবাৰে ৰাংছালী গাৱঁৰ বিভিন্ন উন্নয়নমূলক কাম কাজৰ বাবে প্ৰথম পৰ্যায়ত চৰকাৰে প্ৰদান কৰা 50 লাখ টকাৰ অংশেৰে তোৰণ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰি মন্ত্ৰী গৰাকীয়ে ৰাংছালী ৰংগমঞ্চত অনুষ্ঠিত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে ৷

বিশ্বনাথত নিৰ্মাণ হ'ব লগীয়া দুই আদৰ্শ গাঁৱত থাকিব চিকিৎসা, শিক্ষা আৰু কৰ্ম সংস্থাপনৰ বাবে বিভিন্ন সা-সুবিধা

সভাত অংশ লৈ মন্ত্ৰী গৰাকীয়ে আধাৰশিলা স্থাপন অনুষ্ঠানক কেৱল মাত্ৰ আধাৰশিলা স্থাপনকেন্দ্ৰীক অনুষ্ঠানেই নহয়, বৰঞ্চ সমষ্টিৰ উন্নয়নৰ প্ৰতিচ্ছবি প্ৰতিফলিত কৰা অনুষ্ঠান হিচাপে অভিহিত কৰে ৷ বিহালী সমষ্টিৰ প্ৰতিটো জাতি জনজাতিৰ সম উন্নয়নেই তেওঁৰ একমাত্ৰ লক্ষ্য বুলি জানিবলৈ দি মন্ত্ৰী গৰাকীয়ে কয় যে, বিভিন্ন দিশত উন্নয়নমূলক আঁচনিৰ জৰিয়তে সকলো জাতি জনগোষ্ঠীৰ লোকক বিভিন্ন উন্নয়নমূলক কামৰ জৰিয়তে আগুৱাই নিয়াতো তেঁওৰ দায়িত্ব আৰু আদৰ্শ গাঁও নিৰ্মাণৰ অংশ হ'বলৈ যোৱাটো গাঁওখনৰ বাবে এক গৌৰৱৰ বিষয় ৷

প্ৰয়াত ভৰত চন্দ্ৰ দাসৰ এক আবক্ষ মুৰ্তি নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি মন্ত্ৰী দত্তৰ

ৰাংছালী গাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা বিভিন্নজন যেনে, ন্যায়িক দণ্ডাধীশ পদত নিযুক্ত পুথাৰাম দাস, কবি ৰুদ্ৰ সিংহ মটক, নৱ প্ৰজন্ম শিল্পী প্ৰণৱ ৰাংছালীৰ নাম উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে প্ৰখ্যাত বুৰঞ্জীবিদ তথা ৰাংছালী গাঁৱক শৈক্ষিক দিশত আগুৱাই নিয়া প্ৰয়াত ভৰত চন্দ্ৰ দাসৰ এক আবক্ষ মুৰ্তি নিৰ্মাণ কৰিব বুলিও ঘোষণা কৰে ৷ ইয়াৰ লগতে দাসৰ নামত এটা গড়কাপ্টানী পথ নামাকৰণ কৰিব বুলিও মন্ত্ৰী দত্তই প্ৰতিশ্ৰুতি দিয়ে ৷

দেওবাৰৰ অনুষ্ঠানটোত বিশ্বনাথ জিলাৰ মুখ্য কাৰ্যবাহী বিষয়া ৰঞ্জিত স্বৰ্গীয়াৰী, বিশ্বনাথ জিলাৰ উপ আাৰক্ষী অধীক্ষক মহম্মদ মুজাফৰ হোছেইন, বিহালী খণ্ড উন্নয়ন বিষয়া ভূপেন বৰুৱা, বিহালী স্নাতক মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ জীৱন চন্দ্ৰ নাথ, বিহালীৰ বিশিষ্ট সমাজকৰ্মী স্বৰাজ হাজৰিকা, বিহালী মণ্ডল বিজেপি সভাপতি লাচিত বৰা, বটিয়ামাৰী গাওঁ পঞ্চায়ত সভানেত্ৰী ফুলমনি দাস, নিজ বিহালী জিলা পৰিষদৰ সদস্যা দিপিকা ঢাকালকে ধৰি গাঁওখনৰ তিনি শতাধিক যুৱক যুৱতী তথা পুৰুষ মহিলা উপস্থিত থাকে ।

লগতে পঢ়ক:গৌৰৱ নে আন কোনোবা : তিতাবৰত তৰুণ গগৈৰ উত্তৰসূৰী হ'ব কোন !

ABOUT THE AUTHOR

...view details