অসম

assam

“হস্ততাঁত শিপিনী আয় উপাৰ্জন মুখি আচঁনি”ৰ শুভ উদ্বোধন মন্ত্ৰী ৰঞ্জিত দত্তৰ

By

Published : Jul 7, 2020, 10:05 PM IST

"হস্ততাঁত শিপিনী আয় উপাৰ্জন মুখি আঁচনি"ৰ শুভ উদ্বোধন কৰি ৰেচম হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ মন্ত্ৰী ৰঞ্জিত দত্তই বিহালী সমষ্টিৰ 150 গৰাকী শিপিনীক তাঁতশাল আৰু 5,000 টকাৰ আৰ্থিক সাহাৰ্য প্ৰদান কৰে । এই টকাৰে প্ৰথম পৰ্যায়ত শিপিনী সকলে নিজকে স্বাৱলম্বী হোৱা পথ মুকলি কৰিব বুলি কয় মন্ত্ৰীগৰাকীয়ে ।

minister ranjit dutta inaugurated the xipini income generating scheme
minister ranjit dutta inaugurated the xipini income generating scheme

বিশ্বনাথ, 7 জুলাই : মঙলবাৰে অসম চৰকাৰৰ ৰেচম হস্ততাঁত আৰু বস্ত্ৰশিল্প মন্ত্ৰী ৰঞ্জিত দত্তই 77 নং বিহালী বিধান সভা সমষ্টিৰ বাঘমৰা খণ্ড উন্নয়ন কাৰ্যালয়ত উপস্থিত হৈ “হস্ততাঁত শিপিনী আয় উপাৰ্জন মূখি আচঁনি”ৰ শুভ উদ্বোধন কৰে । বিভাগীয় মন্ত্ৰীগৰাকী উপস্থিত হৈ সমষ্টিটোত শিপিনী সকলকৰ সৈতে মত বিনিময় কৰি শিপিনী সকলৰ সমস্যা বুজ লয় ।

হস্ততাঁত শিপিনী আয় উপাৰ্জনমূখী আচঁনিৰ শুভ উদ্বোধন মন্ত্ৰী ৰঞ্জিত দত্তৰ

আনহাতে মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত কয়, অসমৰ জাতীয় শিল্প অসমৰ জাতি-জনজাতি তথা সকলো অসমীয়া মহিলাৰ বাবে তাঁতশালৰ এক বিশেষ ভূমিকা আছে ৷ তাঁতশাল খন হৈছে অসমীয়া সংস্কৃতিৰ এক এৰাব নোৱাৰা বহুমূলীয়া সম্পদ ৷ যিহেতু বয়ন শিল্পৰ এক বৃহৎ সুকীয়া বাণিজ্যিক ক্ষেত্ৰ আছে, এই আচঁনিৰ যোগেদি লাভ কৰা তাঁতশালৰে শিপিনীসকলে কাপোৰ বৈ বিক্ৰী কৰি নিজৰ পৰিয়ালক আৰ্থিক ভাৱে সকাহ দিব পাৰিব আৰু জীৱিকা নিৰ্বাহৰ ইয়ো এটা প্ৰধান সম্বল হৈ পৰিব বুলি কয় ৷

হস্ততাঁত শিপিনী আয় উপাৰ্জনমূখি আচঁনিৰ শুভ উদ্বোধন মন্ত্ৰী ৰঞ্জিত দত্তৰ

তাৰ ওপৰিও আমাৰ অসমৰ শিপিনী সকলে নিজেই উৎপাদন কৰা গামোচাকে ধৰি পাত-মূগা সকলো কাপোৰ বিক্ৰী কৰিবলৈ শিপিনী সকলে চিন্তা কৰিব নালাগে তাৰ চিন্তা অসম চৰকাৰৰ হস্ততাঁত শিল্প বিভাগে কৰিব বুলি কোৱাৰ লগতে শিপিনী সকলৰ দায়িত্ব কাপোৰ বোৱা, বজাৰৰ দায়িত্ব বিভাগীয় বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে । লগতে অসমৰ শিপিনী সকলৰ যিকোনো সমস্যা সমাধানৰ বাবে বিজেপি চৰকাৰৰ খন সদায় সাজু বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ।

ইফালে হস্ততাঁত শিপিনী আয় উপাৰ্জন মূখি আঁচনিৰ শুভ উদ্বোধন কৰি ৰেচম হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ মন্ত্ৰীয়ে বিহালী সমষ্টিৰ 150 গৰাকী শিপিনীক তাঁতশাল আৰু 5,000 টকাৰ আৰ্থিক সাহাৰ্য আগবঢ়ায় । এই টকাৰে প্ৰথম পৰ্যায়ত শিপিনী সকলক নিজকে স্বাৱলম্বী হোৱা পথ মুকলি কৰিব বুলি কয় মন্ত্ৰীগৰাকীয়ে । লগতে কয় এই আচঁনিৰ জৰিয়তে সমগ্ৰ অসমত 5,583 গৰাকী শিপিনী লাভাম্বিত হ'ব বুলি উল্লেখ কৰে মন্ত্ৰী ৰঞ্জিত দত্তই ।

For All Latest Updates

ABOUT THE AUTHOR

...view details