অসম

assam

সামাজিক দুৰত্ব বজাই ৰাখি শাৰী পাতিলে ফাৰ্মাচীত মন্ত্ৰী ৰণজিৎ দত্তই

By

Published : Apr 17, 2020, 9:16 PM IST

বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাৰ এখন ফাৰ্মাচীত সামাজিক দুৰত্ব বজাই শাৰী পাতি মন্ত্ৰী ৰণজিৎ দত্ত ৷

Minister Ranjit Dutta following Lockdown role at Bishwanath
সামাজিক দুৰত্ব বজাই ৰাখি শাৰী পাতিলে ফাৰ্মাচীত মন্ত্ৰী ৰণজিৎ দত্তই

বিশ্বনাথ,17 এপ্ৰিল: কৰ'ণা মহামাৰীক প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে দেশ জুৰি অব্যাহত আছে লক-ডাউন ৷ ইতিমধ্যে 3 মে' লৈ বৃদ্ধি কৰা হৈছে এই লক ডাউন ৷ এই লকডাউনৰ সময় চোৱাত বিশ্ব তথা ভাৰতৰ স্বাস্থ্য বিভাগে সকলো জনসাধাৰণকে সামাজিক দুৰত্ব বজাই ৰাখিবলৈ আহ্বান জনাইছিল ৷ দেখা গৈছে যে সমগ্ৰ দেশৰ সকলো সাধাৰণ জনসাধাৰণৰ লগতে লক ডাউনৰ এই নীতি নিৰ্দেশনা পালন কৰিছে অসমৰ বিধায়ক মন্ত্ৰী আৰু প্ৰশাসনিক বিষয়া সকলে ৷ শুকুৰবাৰে লখিমপুৰলৈ কৰ'ণা সন্দৰ্ভত এখনি জিলা প্ৰশাসনৰ সভাত অংশগ্ৰহণ কৰিবলৈ গৈ থকা সময়ত হঠাৎ নিজৰ প্ৰয়োজনীয় কিছু ঔষধ লাগতিয়াল হোৱাত বিশ্বনাথ জিলাৰ গহপুৰত মহকুমাৰ গহপুৰ নগৰৰ এখন ফাৰ্মাচীত সোমাই অসম চৰকাৰৰ ৰেচম আৰু হস্ততাঁত বস্ত্ৰ শিল্প মন্ত্ৰী ৰঞ্জিত দত্ত ৷ সামাজিক দুৰত্ব বজাই শাৰী পাতি মন্ত্ৰী গৰাকীয়ে ফাৰ্মাচী পৰা ঔষধ ক্ৰয় কৰে ৷

সামাজিক দুৰত্ব বজাই ৰাখি শাৰী পাতিলে ফাৰ্মাচীত মন্ত্ৰী ৰণজিৎ দত্তই

ইফালে মন্ত্ৰী ৰঞ্জিত দত্তই প্ৰকাশ কৰে যে এই লকডাউনৰ সময়ত অসমৰ কোনো দৰিদ্ৰ জনতাই ভোকত থাকিব নালাগে ৷ তাৰ বাবে ইতিমধ্যেই চৰকাৰে সকলো পদক্ষেপ গ্ৰহণ কৰিছে ৷ আনহাতে অসম চৰকাৰে ৰেচন কাৰ্ড নথকা লোক সকলক 1000 টকাকৈ আগবঢ়োৱা সন্দৰ্ভতো মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ৷ এইবাৰ চৰকাৰে কোনো টকা নিদিয়ে,ৰেচন কাৰ্ড নথকা প্ৰতিটো পৰিয়ালক 5 কেজিকৈ চাউল যোগান ধৰিব বুলি উল্লেখ কৰে মন্ত্ৰী ৰঞ্জিত দত্তই ৷ আনহাতে এই চাউল সমুহ বিতৰণৰ ক্ষেত্ৰত কোনো দুৰ্নীতি অনিয়ম হ'ব নোৱাৰে তাৰ বাবে কেৱিনেটৰ আলোচনা মৰ্মে আগন্তুক সময়ত পঞ্চায়ত সচিব আৰু খণ্ড উন্নয়ন বিষয়া আৰু গ্ৰামসেৱকৰ জৰিয়তে তালিকাৰ প্ৰস্তুত কৰি বিতৰণ কৰা ব্যৱস্থা হব বুলি প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়কঃ 20 এপ্ৰিলৰ পিছত আবদ্ধ হৈ থকা সকলো যাব পাৰিবঃ হিমন্ত বিশ্ব শৰ্মা

ABOUT THE AUTHOR

...view details