বিহালী, 1 এপ্ৰিলঃ একেদিনাইবিহালীৰ প্ৰায় 17 খন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে বিজেপিৰ দুই গৰাকী নেতা পল্লৱ লোচন দাস আৰু ৰঞ্জিত দত্তই৷ উল্লেখ্য যে, 2011 চনত পল্লৱলোচনৰ হাতত পৰাজয় বৰণ কৰিছিল বৰ্তমানৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তই ৷ কিন্তু বিজেপিত যোগদান কৰাৰ পাচতেই দুয়োগৰাকী নেতাএতিয়া একে পানীৰে মাছ হৈ পৰিছে আৰু সেই মাছকে বিহুৰ আগে আগে ৰাইজক খাবলৈ আহ্বান জনায় বাকচতুৰদত্তই ৷
ৰাইজক লোকেল মাছ খাবলৈ আহ্বান মন্ত্ৰী ৰঞ্জিত দত্তৰ - তেজপুৰ লোকসভা সমষ্টি
সমাগত লোকসভা নিৰ্বাচনৰ লগতে আগন্তুক ৰঙালী বিহুৰ পূৰ্বেই ৰাইজক লোকেল মাছ খাবলৈ আহ্বান জনাইছে মন্ত্ৰী ৰঞ্জিত দত্তই ৷ সোমবাৰে তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী পল্লৱলোচন দাসক লগত লৈ বিশ্বনাথত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে ৷
পল্লৱলোচন দাস
আনহাতে সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত কংগ্ৰেছী প্ৰাৰ্থী ভানুৰ নিৰ্বাচনী প্ৰচাৰক লৈ কোনো চিন্তিত হোৱাৰ কাৰণ নাই বুলি উল্লেখ কৰে পল্লৱলোচন দাসে ৷ বৰঞ্চ ভানুৰ নিৰ্বাচনী প্ৰচাৰেবিজেপিক শক্তিশালী ৰূপে আত্মপ্ৰকাশ কৰাত অধিক সহায় কৰিব বুলিহে মন্তব্য কৰে পল্লৱলোচন দাসে ৷