বিশ্বনাথ, ১৮ আগষ্টঃ বিশ্বনাথ জিলাৰ বিহালী সমষ্টি অন্যতম উচ্চশিক্ষাৰ প্ৰাণকেন্দ্ৰ বিহালী স্নাতক মহাবিদ্যালয় । 1989 চনতে স্থাপিত মহাবিদ্যালয় খনত নতুনকৈ সংযোজন হৈছে বিজ্ঞান শাখা । ইতিমধ্যে অসম চৰকাৰৰ অসম উচ্চ শিক্ষা বিভাগৰ পত্ৰ নং AHE598/2018/20dtd, Dispur the 31 st July 2 020 নিদেৰ্শ অনুসৰি অসমত ১৬ খন মহাবিদ্যালয়লৈ বিজ্ঞান শাখা সংযোজন কৰা অনুমতি প্ৰদান কৰিছিল । এই নিৰ্দেশ অনুসৰি প্ৰতিখন মহাবিদ্যালয়ত ১৫ গৰাকীকৈ সহকাৰী অধ্যাপক লগতে ৫ গৰাকী তৃতীয় আৰু চতুৰ্থ বৰ্গ কৰ্মচাৰী নিযুক্তি প্ৰদান কৰিবলৈ নিৰ্দেশ দিছিল ।
ইফালে চৰকাৰৰ নিৰ্দেশৰ পাছতেই মঙলবাৰে বিহালী মহাবিদ্যালয় পৰিচালনা সমিতি উদ্যোগত এখনি ৰাজহুৱা সভা অনুষ্ঠিত কৰে মহাবিদ্যালয় খনৰ তৰফৰ পৰা । যিহেতু মহাবিদ্যালয় খনত বিজ্ঞান শাখা নতুনকৈ সংযোজন হ'ল তাৰ পৰিৱৰ্তে ছাত্র-ছাত্রী সকল শৈক্ষিক দিশৰ ওপৰত মঙলবাৰে বিহালী সমষ্টিৰ বিশিষ্ট সমাজ কৰ্মী বিশ্বনাথ জিলা উপায়ুক্ত আৰু অসম চৰকাৰৰ বস্ত্ৰশিল্প আৰু ৰেচম মন্ত্ৰী ৰঞ্জিত দত্তৰ উপস্থিতিত এখনি পৰ্যালোচনা সভা অনুষ্ঠিত হয় ।