বিশ্বনাথ, ২ ছেপ্টেম্বৰ:"দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰত্যক্ষ তত্বাৱধানত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু ডাঙৰীয়াই আমাক নিৰ্দেশনা দিছে কোন ক’ত কেনেকৈ থাকিব অথবা কোন কি অৱস্থাত আছে সেই বিষয়ে ৰাইজৰ লগত আলোচনা কৰি চৰজমিন তদন্ত কৰিবলৈ ৷ বৰষুণ হৈছে, নদীত পানী বাঢ়িছে ৷ তথাপি আহিবতো লাগিবই, দায়িত্ব পালন কৰিবতো লাগিবই ৷ সীমা সমস্য সমাধানৰ প্ৰতি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগতে গৃহমন্ত্ৰী ডাঙৰীয়াৰ যি আগ্ৰহ, লগত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী দুগৰাকীৰ যি আগ্ৰহ, সেই আগ্ৰহৰ কাৰণেই আমি এনেকৈ দায়িত্ব পালন কৰিবলৈ বাধ্য ৷" সীমা বিবাদ নিষ্পত্তিৰ উদ্দেশ্য অসম-অৰুণাচল সীমান্ত পৰিদৰ্শন কৰি এই মন্তব্য প্ৰকাশ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই (Minister Piyush Hazarika visited Assam Arunachal border )৷
অসম আৰু অৰুণাচল সীমা সমস্যাক লৈ দুয়োখন ৰাজ্যৰ মাজত অব্যাহত আছে আলোচনা । দুয়োখন ৰাজ্যৰ প্ৰতিনিধিক লৈ গঠন কৰা আঞ্চলিক সমিতি প্ৰতিনিধি হিচাপে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা আজি উপস্থিত হয় অসম-অৰুণাচল সীমান্তৰ বিহালী সমষ্টিৰ দীকালমুখ, বালিচ, দিপীক, পাচো আৰু বিহালী সমষ্টিৰ অন্তিম খন অৰুণাচল সীমান্ত তথা গাঁও বগীজুলিত (Resolving Assam Arunachal border disputes )।
উল্লেখযোগ্য যে অসম অৰুণাচল সীমান্তত থকা এই ৫ খন গাঁৱৰ সীমা সমস্যাকলৈ দুইখন ৰাজ্যৰ মাজত বিভিন্ন সময়ত সঘনাই সংঘাত সৃষ্টি হোৱা পৰিলক্ষিত হয় । এই সীমা সমস্যা সমাধানৰ বাবে শেহতীয়াকৈ অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু আৰু অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মাজত এখন বৈঠকত অনুষ্ঠিত হৈছিল ।
উল্লেখযোগ্য যে দীৰ্ঘদিনীয়া এই সীমা সমস্যাটো সমাধানৰ আগ্ৰহ প্ৰকাশ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহে । ইফালে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ প্ৰত্যক্ষ নিৰ্দেশত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী মাজত এই বৈঠকত অনুষ্ঠিত হৈছিল । বৈঠকৰ পিছতে যোৱা কেইবাদিন ধৰি দুয়ো খন ৰাজ্যৰ প্ৰতিনিধিৰ সৈতে আলোচনা অব্যাহত আছে প্ৰতিনিধি দলৰ ।