বিশ্বনাথ, 9 জুলাই : ৰাজ্যত অব্যাহত থকা ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অসম চৰকাৰে ধাৰাবাহিকভাৱে প্ৰচেষ্টা অব্যাহত ৰখাৰ পিছতো নিয়ন্ত্ৰণলৈ অহা নাই ক'ভিড পৰিস্থিতি ৷ ইয়াৰ মাজতে শেহতীয়াকৈ ৰাজ্যৰ 7 খনকৈ জিলাক কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিছে ৰাজ্য চৰকাৰে ৷ কণ্টেইনমেণ্ট জ'ন জিলা কেইখনৰ মাজৰ এখন অন্যতম জিলা হৈছে বিশ্বনাথ জিলা ৷ কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰা 10 দিন হ'ল যদিও জিলাখনত বৰ্তমানেও হ্ৰাস পোৱা নাই ক'ভিডত আক্ৰান্তৰ হাৰ ৷
অৱশেষত জিলাখনৰ ক'ভিড পৰিস্থিতি বুজ লোৱাৰ উদ্দেশ্যে শুকুৰবাৰে বিশ্বনাথত উপস্থিত হয় বিশ্বনাথৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা ৷ পৰিস্থিতি পৰ্যবেক্ষণ কৰি বিশ্বনাথত আশাকৰা ধৰণে ক'ভিডত আক্ৰান্তৰ হাৰ হ্ৰাস কৰিব পৰা নাই বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ৷ ইফালে জিলাখনত ক'ভিড আক্ৰান্তৰ হাৰ কেনেদৰে কমাব পাৰি সেই বিষয়ে জিলা উপায়ুক্তৰ কাৰ্যালয়ত জিলা প্ৰশাসনৰ লগতে জিলাখনৰ বিধায়ক সকলৰ সৈতে বিশদভাৱে আলোচনা কৰে মন্ত্ৰী পীযুষ হাজৰিকাই ৷ আলোচনাৰ মাজতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ প্ৰশাসনক কঠোৰ হোৱাৰ নিৰ্দেশ দিয়ে মন্ত্ৰী গৰাকীয়ে ৷