বিশ্বনাথ, ১৬ ডিচেম্বৰ: জলসম্পদ আৰু জন সংযোগ বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকা বৃহস্পতিবাৰে বিশ্বনাথত উপস্থিত হয় । তেওঁ জিলা উপায়ুক্তৰ কাৰ্যালয়ত বিভিন্ন বিভাগৰ বিষয়াসকলৰ সৈতে এক পৰ্যালোচনা বৈঠকত মিলিত হয়(Pijush Hazarika holds meeting in Biswanath DC office) । এই বৈঠকত তেওঁ জিলাখনত বৰ্তমান চলি থকা উন্নয়নমূলক আঁচনিৰ কাম-কাজৰ খতিয়ান লয় ।
বিশ্বনাথ জিলা উপায়ুক্তৰ কাৰ্যালয়ত পৰ্যালোচনা বৈঠক মন্ত্ৰী পীযুষ হাজৰিকাৰ আনহাতে, ঐতিহাসিক বিশ্বনাথ ঘাটো পৰিদৰ্শন কৰে মন্ত্ৰী হাজৰিকাই(Minister Pijush Hazarika visits Biswanath Ghat) । তেওঁ কয় যে, গুপ্তকাশী বিশ্বনাথ ঘাটত ৰ'পৱেৰ নিৰ্মাণৰ কাম আৰু ঘাটটোক সুন্দৰকৈ সজাই তোলাৰ কাম-কাজ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শীঘ্ৰেই শুভাৰম্ভণি কৰিব । উল্লেখ্য যে, বিশ্বনাথ ঘাটত ৰ'পৱেৰ নিৰ্মাণ কৰিবলৈ দীৰ্ঘদিন ধৰি ৰাইজে দাবী জনাই আহিছিল ।
বিশ্বনাথ জিলা উপায়ুক্তৰ কাৰ্যালয়ত পৰ্যালোচনা বৈঠক মন্ত্ৰী পীযুষ হাজৰিকাৰ ঘাট পৰিদৰ্শনৰ সময়ত মন্ত্ৰীগৰাকীক সংগ দিয়ে প্ৰাক্তন মন্ত্ৰী তথা বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্ত, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, গহপুৰৰ বিধায়ক উৎপল বৰা, জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষ আৰু বিজেপি কৰ্মীসকলে ।
বিজেপিৰ বিশ্বনাথ জিলাৰ কাৰ্যালয়ত দলীয় কৰ্মকৰ্তাৰ সৈতে আলোচনা মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্ত্ৰীগৰাকীয়ে বিজেপিৰ বিশ্বনাথ জিলাৰ কাৰ্যালয়ত দলীয় কৰ্মকৰ্তা সকলৰ সৈতেও এক আলোচনাতো মিলিত হয়(Pijush Hazarika holds meeting with BJP workers) । দলৰ সাংগঠনিক দিশৰ বিষয়ে তেওঁ কৰ্মকৰ্তাসকলৰ সৈতে আলোচনা কৰে । এই আলোচনা সভাত উপস্থিত থাকে বিধায়ক ৰঞ্জিত দত্ত, প্ৰমোদ বৰঠাকুৰ আৰু উৎপল বৰা । লগতে বিজেপিৰ বিশ্বনাথ জিলাৰ সভাপতি পংকজ বৰা, বিজেপিৰ অসম ৰাজ্যিক চাহ জনগোষ্ঠী মৰ্চাৰ সভাপতি দিগন্ত ঘাটোৱাৰকে প্ৰমুখ্য কৰি দলৰ বিষয়ববীয়াসকল এই আলোচনা সভাত উপস্থিত থাকে ৷
লগতে পঢ়ক:বিশিষ্ট কবি নীলমণি ফুকন আৰু শিক্ষাবিদ ড° কমলেন্দু দেৱ ক্ৰৰীৰ বাসগৃহত মুখ্যমন্ত্রী