বিশ্বনাথ, ২২ আগষ্ট: জ্যেষ্ঠতাৰ ভিত্তিত নগাঁও সমষ্টি সাংসদ প্ৰদ্যুৎ বৰদলৈক এৰি দিবলৈ সাংসদ গৌৰৱ গগৈলৈ আহ্বান জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ ৷ সাংসদ গৌৰৱ গগৈয়ে সোমবাৰে জ্যেষ্ঠজনক সন্মান নিদিয়াটো বিজেপিৰ সংস্কৃতি বুলি কৰা মন্তব্যক কটাক্ষ কৰি গৌৰৱ গগৈক এই আহ্বান জনায় মন্ত্ৰী হাজৰীকাই ৷ তেওঁ কয়, "মই গৌৰৱ গগৈ ডাঙৰীয়াক অনুৰোধ কৰিছো, নগাঁও সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ তেওঁতকৈ জ্যেষ্ঠ ৷ গতিকে তেখেতক সন্মান জনাই নগাঁৱলৈ আহি গৌৰৱ গগৈ ডাঙৰীয়াই ইলেকচন খেলিবলৈ চেষ্টা কৰিব নালাগে ৷ গৌৰৱ গগৈ ডাঙৰীয়াক অনুৰোধ কৰিছো তেখেতে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ ৰাজনৈতিক জীৱন অন্ধকাৰ কৰিব নালাগে ৷
মন্ত্ৰী পীযুষ হাজৰীকাই মঙলবাৰে বিশ্বনাথ পানপুৰ মথাউৰিত খহনীয়া পৰিদৰ্শন কৰিবলৈ আহি সাংবাদিকৰ আগত সাংসদগৰাকীলৈ এই আহ্বান জনায় ৷ মন্ত্ৰী হাজৰীকাই লগতে সাংসদ গৌৰৱ গগৈয়ে তেওঁ আমিনুল ইছলামক ফোন কৰি থাকে বুলি কোৱা প্ৰসংগত কয় যে, যোৱা দুটা বছৰত আমিনুল ইছলামক মই এবাৰ বা দুবাৰ ফোন কৰিছিলো তাকো তেওঁৰ সমষ্টিলৈ যাওঁতে ৷ ফোন ৰেকৰ্ডটো ওলাই যায় ৷ ক'ল ৰেকৰ্ড চি ডি আৰ চালে ওলাই যাব ৷ গৌৰৱ গগৈ ডাঙৰীয়াতো ডাঙৰ নেতা ৷ তেওঁ ডিমাণ্ড কৰক মই উলিয়াই দিম চি ডি আৰখন ।
তেওঁ আৰু কয়, কংগ্ৰেছেহে আলিংগন কৰে বদৰুদ্দিন আজমলক । যোৱাবাৰ বদৰুদ্দিন আজমলৰ অনুগ্ৰহত কলিয়াবৰৰ পৰা গৌৰৱ গগৈ ডাঙৰীয়া সাংসদ হৈছিল ৷ এইবাৰো নগাঁৱতো যাতে বদৰুদ্দিন আজমলে প্ৰাৰ্থী নিদিয়ে আৰু তেওঁ ইলেকচন খেলি জিকে তাৰ কুচ কাৱাজ কৰিছে ৷ মই গৌৰৱ গগৈ ডাঙৰীয়াক অনুৰোধ কৰিছো নগাঁও সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈক তেওঁ জ্যেষ্ঠতাৰ ভিত্তিত এৰি দিয়ক ৷