বিশ্বনাথ,৭ এপ্ৰিল: অসম অৰুণাচল সীমান্তৱৰ্তী চিজুচাত মন্ত্ৰী পীযুষ হাজৰীকাৰ লগত অৰুণাচলৰ মন্ত্ৰীবৰ্গৰ বৈঠক ৷ দীৰ্ঘদিন ধৰি অসম অৰুণাচলৰ সীমা বিবাদে বিভিন্ন সময়ত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰি আহিছে । তেনে সময়তে দীৰ্ঘদিনীয়া এই সীমা বিবাদৰ সমস্যা সমাধান কৰাৰ উদ্দশ্যৰে অসম অৰুণাচল সীমান্তৱৰ্তী চিজুচাত অনুষ্ঠিত কৰা হয় এই বৈঠকৰ ৷ বৈঠকত অৰুণাচলৰ দখলত থকা মাটিৰ পৰিৱৰ্তে অন্য স্থানত অসমক অৰুণাচলে মাটি এৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে (Meeting on Assam Arunachal border dispute) ৷
শুকুৰবাৰে অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকা আৰু অৰুণাচলৰ বন মন্ত্ৰী মামা নাটুঙৰ মাজত চিজুচাত হোৱা বৈঠকৰ অন্তত এই কথা প্ৰকাশ কৰে দুয়োখন ৰাজ্যৰ মন্ত্ৰীদ্বয়ে ৷ চিজুচাৰ বৰদিকৰাই নদীৰ উত্তৰ দিশত অসমৰ দখলত থকা পাকে টাইগাৰ ৰিজাৰ্ভৰ মাটি অৰুণাচলে দখল কৰি আছিল যদিও শুকুৰবাৰে অনুষ্ঠিত হোৱা বৈঠকৰ অন্তত এই মাটি অৰুণাচলকে দি দিয়াৰ বিপৰীতে সম পৰিমাণৰ মাটি অৰুণাচল প্ৰদেশে অসমক এৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে (Assam and Arunachal on Inter State Border issues) ৷
অসম অৰুণাচলৰ এই মন্ত্ৰী পৰ্যায়ৰ বৈঠকত দুয়োখন ৰাজ্যৰ প্ৰশাসনীয় বিষয়াসকলৰ লগতে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা আৰু ১২নং পাকে কেচাঙৰ বিধায়ক বিহুৰাম ৱাগেও উপস্থিত থাকে ৷ এইদৰে আলোচনাৰ মাধ্যমেৰে অসম অৰুণাচলৰ সীমা বিবাদৰ এটা অংশ সমাধানৰ পথত আগবঢ়াতো দুয়োখন ৰাজ্যৰ বাবেই ইতিবাচক দিশ হিচাপে বিবেচিত হৈছে ৷