বিশ্বনাথ, ১২ অক্টোবৰ : সহমতৰ ভিত্তিত অসম আৰু অৰুণাচল প্ৰদেশৰ মাজৰ দীৰ্ঘদিনীয়া সীমা সমস্যাৰ (Border dispute between Assam and Arunachal) স্থায়ী সমাধান সূত্ৰ নিৰূপণৰ শেহতীয়া প্ৰচেষ্টাৰ অংশ হিচাপে সোমবাৰে নিশাৰ পৰা পুৱা ৪.৩০ লৈকে বিশ্বনাথ চাৰিআলিস্থিত উপায়ুক্ত কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত দুয়োখন ৰাজ্যৰ এখন গুৰুত্বপূৰ্ণ মন্ত্ৰীস্তৰীয় বৈঠক অনুষ্ঠিত হয় (Minister level discussion on border dispute)। প্ৰতিবেশী ৰাজ্যখনৰ পাপুমপাৰে জিলাৰ সৈতে বিশ্বনাথ আৰু লখিমপুৰ জিলা সংলগ্ন আন্তঃৰাজ্যিক সীমান্তৰ বিবদমান এলেকাসমূহক লৈ অনুষ্ঠিত এই বৈঠকত অসমৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত আৰু অৰুণাচল প্ৰদেশৰ শিক্ষা মন্ত্ৰী তেবা টেডিৰৰ নেতৃত্বত গঠিত দুয়োখন ৰাজ্যৰে সীমান্তৰ সমাধান আঞ্চলিক সমিতিৰ সদস্যসকলে অংশগ্রহণ কৰে । বিশ্বনাথৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বিয়লি ৬ বজাত ৰাজ্য দুখনৰ মন্ত্ৰীসকল উপস্থিত হয় যদিও নিশা ১০ বজাৰ পৰাহে মূল আলোচনা অনুষ্ঠিত হয় (Discussion to resolved border dispute)।
এই বৈঠকখনত বিহালী বিধান সভা সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্ত, গহপুৰ বিধানসভা সমষ্টিৰ বিধায়ক উৎপল বৰা, অৰুণাচলৰ দুইমুখ সমষ্টিৰ বিধায়ক টানা হালি তাৰা, বিশ্বনাথ আৰু লখিমপুৰ জিলাৰ উপায়ুক্তদ্বয় মুনীন্দ্র নাথ নাটে আৰু সুমীত সতৱান, পাপুম পাৰে জিলাৰ উপায়ুক্ত শচীন ৰাণাৰ লগতে তিনিওখন জিলাৰ অতিৰিক্ত উপায়ুক্ত, মাণ্ডলিক বন বিষয়াসহ আঞ্চলিক সমিতিৰ সদস্যসকল আৰু আটাইকেইখন জিলাৰ কেইবাগৰাকীও ৰাজহ চক্ৰ বিষয়া, বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়া উপস্থিত থাকে ।
উল্লেখ্য যে, অসম আৰু আৰুণাচলৰ মুখ্যমন্ত্ৰীদ্বয়ৰ দ্বাৰা স্বাক্ষৰিত নামচাই ঘোষণা পত্ৰৰ আধাৰত অসমৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত আৰু অৰুণাচলৰ শিক্ষা মন্ত্ৰী তেবা টেডিৰৰ নেতৃত্বত দুয়ো ৰাজ্যৰ আঞ্চলিক সমিতিৰ সদস্যসকলে যোৱা ২ ছেপ্টেম্বৰত বিশ্বনাথ-পাপুমপাৰে অংশ আৰু ৩ ছেপ্টেম্বৰত লখিমপুৰ-পাপুমপাৰে অংশৰ সীমান্তৰ বিবদমান অঞ্চলসমূহৰ যৌথ পৰিদৰ্শনৰ লগতে দ্বিপাক্ষিক আলোচনাত মিলিত হৈ বিশ্বনাথ-লখিমপুৰ আৰু পাপুমপাৰে অংশত আন্তঃৰাজ্যিক সীমান্তক লৈ সহমত সৃষ্টিৰ প্ৰয়াস চলাইছিল (Assam Arunachal border dispute area)। সেই আলোচনা আৰু যৌথ সীমান্ত পৰিদৰ্শনৰ পৰৱৰ্তী পৰ্যায়ত সীমান্তক লৈ থকা পুৰণি বিবাদ নিষ্পত্তিৰ সমাধানসূত্ৰ উদ্ভাৱনৰ বিষয়ত সোমবাৰৰ বৈঠকত উভয় পক্ষৰ মাজত ১০ ঘন্টাৰো অধিক সময় ব্যাপক আলোচনা হয় ।
বৈঠকত প্রথমে বিশ্বনাথ-পাপুমপাৰে জিলা অংশৰ ১০ টা বিবদমান অঞ্চল (অৰ্থাৎ দহ খন ৰাজহ গাওঁ)ক লৈ আলোচনা হোৱাৰ পাছত লখিমপুৰ-পাপুমপাৰে অংশৰ বিবদমান সীমান্তৰ ১৮ টা অঞ্চলক লৈ উভয় পক্ষই আলোচনা কৰে ।