বিহালী 1 ছেপ্টেম্বৰ :অসম-অৰুণাচলৰ মাজত বিভিন্ন ঠাইত সীমা সংঘাত সৃষ্টি হৈ থকাৰ মাজতে বৃহস্পতিবাৰে বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ অসম-অৰুণাচল সীমান্ত অঞ্চল পৰিদৰ্শন কৰে দুয়োখন ৰাজ্যৰ মন্ত্ৰী আৰু প্ৰশাসনৰ দলে (Minister Keshab Mahanta in Assam Arunachal border)। বিশেষকৈ অসম আৰু অৰুণাচল সীমান্তৰ বিশ্বনাথ জিলাৰ একমাত্ৰ সংৰক্ষিত বনাঞ্চল বিহালী সংৰক্ষিত বনাঞ্চলৰ উত্তৰে নাহৰজান, ঠাণ্ডা পানী, বগীজুলি, তাৰাছো, আদি অঞ্চলত বহু বছৰ ধৰি অৰুণাচল আৰু অসমৰ মাজত বিভিন্ন সময়ত সংঘাত হৈ আহিছে (Assam Arunachal Border dispute)।
ইতিমধ্যে সীমা সমস্যাক লৈ অসমৰ 15 জন অসমীয়াই সন্দেহজনক অৰুণাচলী লোকৰ হাতত প্ৰাণ আহুতি দিব লগা হৈছে । তাৰ উপৰিও দুই-তিনিবাৰ বিহালী বিহমাৰী ঠাণ্ডা পানী আদি অঞ্চলত সীমাক লৈ সৰু-সুৰা সংঘাত সৃষ্টি হৈ থকা পৰিলক্ষিত হৈ আহিছে (Disputed areas of Assam Arunachal border)। আজি এই সংঘাত সৃষ্টি হোৱা ঠাই সমূহ পৰিদৰ্শন কৰে অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, প্ৰাক্তন মন্ত্ৰী তথা বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্ত, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিশ্বনাথৰ উপায়ুক্ত, আৰক্ষী, বন বিভাগ আৰু প্ৰশাসনৰ উচ্চ পৰ্যায়ৰ এটা দলে ।
আনহাতে, অসম-অৰুণাচল সীমান্ত তথা অৰুণাচল প্ৰদেশৰ পাপুংপাৰে জিলাৰ তাৰাছোৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত দুয়োখন ৰাজ্যৰ মন্ত্ৰী আৰু প্ৰশাসনিক বিষয়াৰ উপস্থিতিত আলোচনা কৰি সীমা সমস্যা সমাধান সন্দৰ্ভত চিন্তা চৰ্চা কৰি এক আলোচনাত মিলিত হয় দুই ৰাজ্যৰ মন্ত্ৰী প্ৰশাসন (Discussion on Assam Arunachal border conflict)।