অসম

assam

ETV Bharat / state

বিশ্বনাথৰ বাঘমাৰীৰ দুৰ্ঘটনাক লৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি ক’লে

বিশ্বনাথৰ দুৰ্ঘটনা সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া প্ৰকাশ ৷ মন্ত্ৰীজনৰ দাবী-তেওঁৰ কনভয়ৰ গাড়ীৰ খুন্দাত মৃত্যু হোৱা নাই লোক দুজনৰ ৷ এখন ট্ৰাকৰ খুন্দাতহে সংঘটিত হৈছিল দুৰ্ঘটনাটো ৷

পুৱাই বিশ্বনাথ ঘাটত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

By

Published : Aug 16, 2019, 1:47 PM IST

বিশ্বনাথ চাৰিআলিৰ বাঘমাৰীত সংঘটিত পথ দুৰ্ঘটনাক লৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া প্ৰকাশ ৷তেওঁৰ কনভয়ৰ গাড়ীৰ খুন্দাত লোক দুজনৰ মৃত্যু হোৱা নাই বুলি মন্ত্ৰীজনে দাবী কৰিছে ৷বৰঞ্চ এই বিষয়টোৰসন্দৰ্ভত সংবাদ মাধ্যমকহে দোষাৰোপ কৰিলে মন্ত্ৰী হিমন্তই ৷"যি খন ট্ৰাকে দুৰ্ঘটনা সংঘটিত কৰিছে তাত তেজৰ দাগ স্পষ্ট ৰূপত দেখা গৈছে গতিকে ট্ৰাক ড্ৰাইভাৰ জনক আটক কৰি সোধা-পোছা কৰিলেই ঘটনাতোৰ সত্যতা বাহিৰ হব" বুলি মন্ত্ৰীগৰাকীয়ে কয় ৷ দুৰ্ঘটনাস্থলীত আহতসকলক নিবলৈ এখন চিকিৎসাৰ ব্যৱস্থা কৰি দিছিল বুলিও জনাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিজৰ কনভয়ৰ অধিকাংশ মানুহকে চিনি নাপাই বুলিও মন্তব্য কৰে প্ৰতাপী মন্ত্ৰী গৰাকীয়ে ৷

আনহাতে 15 আগষ্টত লখিমপুৰত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি শুকুৰবাৰে পুৱাই পত্নী ৰিণিকি ভূঞা শৰ্মাক লগত লৈ বিশ্বনাথ ঘাটত উপস্থিত হয় স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ এই যাত্ৰাত তেওঁক সহযোগ কৰে সাংসদ পল্লৱ লোচন দাস আৰু স্থানীয় বিধায়ক প্ৰমোদ বৰঠাকুৰ ৷ ঘাটত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা থকা গুপ্তকাশী বিশ্বনাথৰ সৰ্বাঙ্গীন বিকাশৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ লগতে বিশ্বনাথ ঘাটৰ চণ্ডী মন্দিৰৰ সমীপৰ পৰা নদী দ্বীপ উমাটুমনিলৈ ওলমা দলং নিৰ্মাণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে ৷

পুৱাই বিশ্বনাথ ঘাটত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

বিশ্বনাথ ঘাটৰ ঐতিহ্যত ভাবুকি কঢ়িয়াই অনা গৰাখহনীয়া ৰোধৰ বাবেও যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মন্ত্ৰী গৰাকীয়ে স্থানীয় ৰাইজক আশ্বাস প্ৰদান কৰে ৷

ABOUT THE AUTHOR

...view details