অসম

assam

ETV Bharat / state

Green Revolution in Biswanath : বিশ্বনাথৰ কয়লাজুলিত মিলেট খেতিৰে সেউজ বিপ্লৱৰ সূচনা - Integrated Tribal Development Programme

বিশ্বনাথৰ অসম-অৰুণাচল সীমান্তৱৰ্তী কয়লাজুলিত সেউজ বিপ্লৱ (Green Revolution in Biswanath) । মিলেট খেতিৰে আত্ম নিৰ্ভৰশীল হোৱাৰ প্ৰয়াস কৃষকৰ । শুকুৰবাৰে নাবাৰ্ডৰ অৰ্থ সাহায্যত কয়লা জুলিৰ উৰ্বৰ ভূমিত মিলেটৰ বীজ সিঁচা কাম আৰম্ভ কৰা হয় ।

Millet sowing work begins in Biswanath
বিশ্বনাথৰ অসম-অৰুণাচল সীমান্তৱৰ্তী কয়লাজুলিত সেউজ বিপ্লৱ

By

Published : Apr 8, 2023, 5:08 PM IST

বিশ্বনাথৰ অসম-অৰুণাচল সীমান্তৱৰ্তী কয়লাজুলিত সেউজ বিপ্লৱ

বিশ্বনাথ,৮ এপ্ৰিল: বিশ্বনাথৰ অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চল কয়লাজুলিত আৰম্ভ হৈছে সেউজ বিপ্লৱ (Green Revolution in Biswanath) । একালৰ এই ভিতৰুৱা দুৰ্গম অঞ্চলটোৰ ৰাস্তা পথ এতিয়া বহুখিনি উন্নত । কয়লাজুলি বজাৰত বজাৰ কৰিবলৈ বিশ্বনাথ চাৰিআলিৰ পৰাও আহে বহুলোক । সেয়ে কয়লা জুলিত এতিয়া চলিছে সেউজ বিপ্লৱৰ আখৰা । নেমু, তামোল ধানৰ পিচত এইবাৰ মিলেট খেতিৰ কাম আৰম্ভ হৈছে এই অঞ্চলত (Millet sowing work begins in Biswanath) ।

নাবাৰ্ডৰ অৰ্থ সাহায্যত আৰম্ভ হৈছে এই কৃষি । মিলেট খেতিত সহযোগ কৰিছে কেডেট নামৰ স্বেচ্ছাসেৱী সংস্থাটোৱে । কয়লা জুলিৰ উৰ্বৰ ভূমিত শুকুৰবাৰে মিলেটৰ বীজ সিঁচা কাম আৰম্ভ আৰম্ভ কৰা হয় । এই বীজ সিঁচা কামৰ শুভাৰম্ভ কৰে নাবাৰ্ডৰ শোণিতপুৰ জিলা প্ৰবন্ধক প্ৰীতম কুমাৰ নাথ আৰু বিশ্বনাথ চাৰিআলি প্ৰেছ ক্লাৱৰ উপদেষ্টা নিৰঞ্জন হাজৰিকাই ।

অনুষ্ঠানৰ শুভাৰম্ভ কৰি জিলা জিলা প্ৰবন্ধকগৰাকীয়ে কেন্দ্ৰ চৰকাৰে সমগ্ৰ দেশতে মিলেট বৰ্ষ হিচাবে উদযাপন কৰাৰ সময়তে বিশ্বনাথৰ এই ভিতৰুৱা অঞ্চলত মিলেট খেতি আৰম্ভ কৰাটো শুভ লক্ষণ বুলি অভিহিত কৰে । লগতে তেওঁ কয় যে, বিশ্বনাথৰ কয়লা জুলিত মিলেট খেতিৰ বাবে প্ৰথমে ৭৫ বিঘা মাটি উলিওৱা হৈছিল যদিও ৰাইজৰ উৎসাহৰ বাবে বৰ্তমান ৯০ বিঘা টেক্টৰেৰে চহোৱা হৈছে ।

তেওঁ পুষ্টিকৰ খাদ্য মিলেটৰ বাবে এইয়া উপযুক্ত মাটি বুলি অভিহিত কৰে আৰু ৰাইজক এনে খেতিৰ বাবে ভৱিষ্যতে অধিক উৎসাহিত কৰা হ'ব বুলি মন্তব্য কৰে । নাবাৰ্ডৰ অৰ্থ সাহায্যত তথা স্বেচ্ছাসেৱী অনুষ্ঠান 'কেডেট' ৰ সহযোগত বিশ্বনাথৰ কয়লাজুলি অঞ্চলৰ বিজয়পুৰত মডেল মিলেট আঁচনিৰ আজি কঠিয়া সিঁচা কাৰ্যৰ শুভাৰম্ভণি অনুষ্ঠানত নাবাৰ্ডৰ শোণিতপুৰৰ জিলা প্ৰবন্ধক প্ৰীতম কুমাৰ নাথ, বিশিষ্ট সমাজ সেৱক নিৰঞ্জন হাজৰিকাৰ উপৰি, 'কেডেট' ৰ সভাপতি সম্পাদক ক্ৰমে ধীৰেন ডেকা, মনোৰঞ্জন হাজৰিকা, পৱন হাজৰিকা, চুলেন বসুমতাৰী, তৰুণ বসুমতাৰী, গণেশ বসুমতাৰী, খগেন বসুমতাৰী, মহেন স্বৰ্গীয়াৰীকে আদি কৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে ।

প্ৰথম বৰ্ষত যদিও ৭৫ বিঘা মাটিত মিলেট খেতি কৰা কথা আছিল, কৃষকসকলে প্ৰায় ৯০ বিঘা মাটিত মিলেট খেতি কৰিবৰ বাবে সাজু কৰিছে । লগতে নাবাৰ্ডৰ অৰ্থ সাহায্যত উক্ত অঞ্চলত Integrated Tribal Development Programme আঁচনিৰ অধীনত ২০০ গৰাকী কৃষকক ৩০০ জোপা তামোল, ১৮০ জোপা নেমু আৰু ৩৪ জোপাকৈ নাৰিকল পুলি প্ৰদান কৰি কৃষক সকলক আৰ্থিকভাৱে উন্নতি কৰাত সহায় কৰিছে । নাবাৰ্ডৰ অৰ্থ সাহায্যতে উক্ত অঞ্চলত এখন গ্রাম্য বজাৰ(Rural Haat) লাভ কৰিছে তাৰো কাম আৰম্ভ কৰা হৈছে ।

লগতে পঢ়ক:CJI comments on humanity : আইনত থাকিব লাগে মানৱতাৰ স্পৰ্শ: মুখ্য ন্যায়াধীশ

ABOUT THE AUTHOR

...view details