বিশ্বনাথ, 22 আগষ্ট: বিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতিৰ বাবে একাংশ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত হৈছে ৷ ফলত গুদামতে পচি গৈছে শ শ বস্তা চাউল ৷ এই কাণ্ড বিশ্বনাথৰ অসম অৰুণাচল সীমান্তৱৰ্তী দিৰিং পথাৰ উচ্চ ইংৰাজী বিদ্যালয়ত ৷ বিদ্যালয়খনত বিগত দুমাহ ধৰি ছাত্ৰ-ছাত্ৰী মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত হৈছে । বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি জয়ন্ত শইকীয়াৰ মইমতালি আৰু প্ৰধান শিক্ষকৰ লগত থকা মত-ভেদৰ বাবেই ছাত্ৰ-ছাত্ৰী বঞ্চিত মধ্যাহ্ন ভোজনৰ পৰা ৷ এই অভিযোগ শিক্ষাৰ্থীৰ অভিভাৱকৰ ৷
আনহাতে, এই সন্দৰ্ভত প্ৰধান শিক্ষকজনক সাংবাদিকে প্ৰশ্ন কৰাত বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি জয়ন্ত শইকীয়া আৰু সদস্য সকলে কোনো ধৰণৰ আলোচনা নকৰাৰ অভিযোগ উত্থাপন কৰে ৷ ইফালে প্ৰধান শিক্ষকজনক আজিলৈকে মধ্যাহ্ন ভোজনৰ বাবে কোনো দ্বায়িত্ব অৰ্পণ নকৰাৰ বাবেই প্ৰায় দুমাহ ধৰি মধ্যাহ্ন ভোজন দিব পৰা নাই ছাত্ৰ-ছাত্ৰীক ৷ কিছুদিন প্ৰধান শিক্ষক গৰাকীয়ে নিজাববীয়াকৈ ছাত্ৰ-ছাত্ৰী সকলক মধ্যাহ্ন ভোজনৰ ব্যৱস্থা কৰি দিছিল বুলি জানিবলৈ দিয়ে ৷