অসম

assam

By

Published : Mar 29, 2019, 6:37 AM IST

Updated : Mar 29, 2019, 8:58 AM IST

ETV Bharat / state

বিহালীত ১৫ টা নিৰ্বাচনী কাৰ্যালয় মুকলি ভানুৰ

বৃহস্পতিবাৰে বৃহৎ সংখ্যক সমৰ্থকক লগত লৈ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে ভানুৱে

এম জি ভি কে ভানু

বিহালী, 29 মাৰ্চঃ তেজপুৰ লোকসভা সমষ্টিৰ ৰাজনৈতিক যুঁজখনত এতিয়া ছাৰৰ ৰাজনীতিয়ে তোলপাৰ লগাই থকাৰ সময়তে নিজৰ স্থিতি স্পষ্ট কৰি দিয়ে কংগ্ৰেছী প্ৰাৰ্থী এম জি ভি কে ভানুৱে ৷ পল্লৱলোচন দাসক ছাৰ বুলি কোৱা নাছিলো, তেঁওৰ চকীখনক সন্মান কৰিছিলো আৰু সেই সন্মানৰ বাবেই তেঁওক ছাৰ সম্বোধন কৰিছিলো বুলি উল্লেখ কৰে ভানুৱে ৷

এম জি ভি কে ভানু

9 নং তেজপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী এম জি ভি কে ভানুৱে বৃহস্পতিবাৰে বিহালীত 15ৰো অধিক নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে ৷ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰাৰ উপৰিও ঐতিহ্যমণ্ডিত গাংমৌথানত আশীৰ্বাদ গ্ৰহণ কৰে ভানুৱে ৷ আনহাতে পল্লৱলোচন দাস সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেঁও কয় যে, "পল্লৱ সৰু ল'ৰা, তেওঁএতিয়াও ৰাজনৈতিকভাৱে পৰিপক্ক হৈ উঠা নাই ৷

এম জি ভি কে ভানু
একাংশ বিজেপি কৰ্মীয়ে মোক চালানী আখ্যা দিছে ৷ ভোটৰ আশাত বাংলাদেশী লোকক ভাৰতত সংস্থাপন দিবলৈ ওলোৱা দলটোৱে মোক চালানী বুলি কোৱাৰ কোনো যুক্তি নাই ৷ মই 34 বছৰে অসমত আছো, অসমত থাকি অসমীয়াৰ হকে কাম কৰিছো, অসমীয়া ৰাইজৰ আৱেগ-অনুভূতিৰ সৈতে পৰিচিত হৈ পৰিছো ৷"

এই সমূহৰ মাজত এটা কথা নিশ্চিত যে, এইবাৰ তেজপুৰত ছাৰ আৰু চালানীৰ ৰাজনীতি খুবেইজমি উঠিব ৷

Last Updated : Mar 29, 2019, 8:58 AM IST

ABOUT THE AUTHOR

...view details