অসম

assam

By

Published : Mar 21, 2019, 5:54 PM IST

Updated : Mar 21, 2019, 10:51 PM IST

ETV Bharat / state

‘মই পলিটিক্স কৰিবলৈ অহা নাই ৰাইজৰ উন্নয়ন কৰিবলৈ হে আহিছো’

তেজপুৰ সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থীৰূপে প্ৰক্ষেপিত এম জি ভি কে ভানুৱে তেজপুৰ লোকসভা সমষ্টিত কংগ্ৰেছৰ জয় নিশ্চিত বুলিও উল্লেখ কৰে বৃহস্পতিবাৰে ৷

মই ৰাজনীতিলৈ পলিটিস্ক কৰিবলৈ অহা নাই ৰাইজৰ উন্নয়ন কৰিবলৈ হে আহিছো : ভানু

বিশ্বনাথ, ২১ মাৰ্চঃ বিশ্বনাথৰ ঐতিহ্যমণ্ডিত বুঢ়া মাধৱ থানত আশীৰ্বাদ লৈ জুবিন গাৰ্গৰ পলিটিক্স নকৰিবা বন্ধু শীৰ্ষক গীতৰকথাক সমৰ্থন জনাই তেজপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী এম জি ভি কে ভানুয়ে ক'লে মই ৰাজনীতিলৈ পলিটিক্সকৰিবলৈ অহা নাই ৰাইজৰ উন্নয়ন কৰিবলৈ হে আহিছো ৷

বৃহস্পতিবাৰে বিশ্বনাথৰ প্ৰতাপগড় চাহ বাগিছাত উপস্থিত হয় তেজপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী এম জি ভি কে ভানু ৷ পবিত্ৰ হোলীৰ দিনা বিশ্বনাথৰ ঐতিহ্যমণ্ডিত বুঢ়া মাধৱ থানত উপস্থিত হৈআশীৰ্বাদ লয় ভানুৱে ৷ আশীৰ্বাদ লোৱাৰ পিছতে জুবিন গাৰ্গৰ পলিটিক্স নকৰিবা বন্ধু গীতটোৰ প্ৰথম শাৰী আওৰাইকয়, জুবিনে যি কৈছে পলিটিক্স নকৰিবা বন্ধু তাক মই সমৰ্থন কৰো । গতিকে মই পলিটিক্স কৰিবলৈ ৰাজনীতিলৈ অহা নাই । সমষ্টিৰ উন্নয়ন কৰিবলৈ হে আহিছো ।

মই ৰাজনীতিলৈ পলিটিস্ক কৰিবলৈ অহা নাই ৰাইজৰ উন্নয়ন কৰিবলৈ হে আহিছো : ভানু

ইফালেবাগিছাৰ শ্ৰমিক আৰু কংগ্ৰেছ কৰ্মী সকলৰ লগত হোলী খেলি কয়, আমি সকলো মিলি জুলি থাকিব লাগে । আনহাতে এইবাৰ তেজপুৰ লোকসভা সমষ্টিত জয় নিশ্চিত বুলি উল্লেখ কৰি ভানুয়ে ক'লেএইবাৰ নিৰ্বাচনী ইচ্ছ্যুহ'ব উন্নয়ন আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক ।

অসমৰ ৰাইজ এই বিধেয়কৰ বিপক্ষে আছে আৰু সেইবাবে কংগ্ৰেছ জয়ী হ'ব বুলি উল্লেখ কৰে ভানুৱে । ইফালে বিজেপি দলে এতিয়ালৈকে প্ৰাৰ্থী ঘোষণা নকৰা সন্দৰ্ভত ভানুয়ে কয় "মোক বিভিন্ন জনে কৈছে যে, মই প্ৰাৰ্থী হোৱাত বিপক্ষৰ দলে ভয় খাইছে" । সেই কাৰণেই আজি পৰ্যন্ত প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব পৰা নাইবিৰোধীয়ে ৷

Last Updated : Mar 21, 2019, 10:51 PM IST

ABOUT THE AUTHOR

...view details