বিশ্বনাথ চাৰিআলি, ৫ এপ্ৰিল : সময় বাগৰাৰ লগে লগে আমাৰ মাজৰ পৰা হেৰাই গৈছে বহু বস্তু ৷ এতিয়া যান্ত্ৰিকতাৰ যুগ । সময় নাই মানুহৰ হাতত । আচলতে সকলোৱে আজিকালি যিকোনো বস্তু সহজতে বিচাৰে । যাৰ ফলত আমাৰ আবেগ বিজড়িত বহু বস্তু এতিয়া কেৱল নষ্টালজিয়া হৈ পৰিল ৷ লাহে লাহে আমাৰ মাজৰ পৰা হেৰায় যাবলৈ ধৰিছে আমি ব্যৱহাৰ নকৰাৰ ফলত বহু বস্তু । যেনে দীঘল এণ্টেনা এডালৰ সৈতে থকা তিনি বেটেৰীয়া ৰেডিঅ'টো যিদৰে হেৰাই গৈছে, লাহে লাহে আমাৰ মাজৰ পৰা ঠিক তেনেদৰে হেৰাই গ'ল সৌ সিদিনা আমি বিদ্যালয়ত ব্যৱহাৰ কৰা চিয়াঁহী কলমটো (memory of fountain pen) । যাক কোৱা হৈছিল নিজৰি কাপ ।
প্ৰায় দুটা দশকৰ পূৰ্বৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বহুল জনপ্ৰিয় চিয়াঁহী কলমটোৰ আদৰ লাহে লাহে কমি যোৱাৰ ফলত কিতাপৰ বিপণিসমূহতো সুলভ নোহোৱা হ'ল এই চিয়াঁহী কলমটো । কেৱল চিয়াঁহী কলমটোৱেই নহয়, বল পইণ্ট কলমটোৰো এতিয়া প্ৰায় ব্যৱহাৰ নোহোৱাই হ'ল (role of fountain pen in life) ৷ কাৰণ এই যান্ত্ৰিকতাৰ পৃথিৱীখনত পূৰ্বে ব্যৱহাৰ হোৱা তিনিটা আঙুলিৰ টিপত থকা কলমটো আমাৰ মাজৰ পৰা যেন আঁতৰি গৈছে । কিন্তু লগতে লগতে এতিয়া ব্যস্ত অধিকাংশ যুৱক-যুৱতী তথা ব্যক্তি কম্পিউটাৰৰ কীবোৰ্ডখনত (computerised world) । কাৰণ হাত বুলালেই যিহেতু এই কম্পিউটাৰটোত সকলো লিখিব পৰা হ'ল ।
তাৰ উপৰি আপোনাৰ, মোৰ চহীটোও বৰ্তমান সময়ত ডিজিটেল হ'ল (Digital world) ৷ যাৰ ফলত বহু বস্তু হেৰাই যোৱাৰ লগতে বিশেষকৈ আমাৰ মৰমৰ সেই চিয়াঁহী কলমটোও আমাৰ মাজৰ পৰা লাহে লাহে হেৰাই গ'ল (Digitalised signature) । কিন্তু তাৰ মাজতে এই হেৰাই যোৱা কলমটো পাহৰণিৰ গৰ্ভত বিলীন হ'বলৈ নিদি জীয়াই ৰখাৰ চেষ্টা বিশ্বনাথ চাৰিআলিৰ বিশিষ্ট সমাজকৰ্মী দিলীপ কাকতিৰ । দিলীপ কাকতিয়ে বিদ্যালয়ত প্ৰথম চিয়াঁহী কলম ব্যৱহাৰ কৰাৰ পৰা সেই চিয়াঁহী কলমটো বিগত ৪০ বছৰৰো অধিক সময় ব্যৱহাৰ কৰি আহিছে ।