বিশ্বনাথ, 30 ছেপ্টেম্বৰ: বিশ্বনাথৰ ১৯৩২ চনৰ পৰা স্থানীয় ৰাইজে খেতি কৰি জীৱন নিৰ্বাহ কৰি অহা অসম অৰুণাচল সীমান্তৱৰ্তীৰ ৩১৬/৫১৫ গ্ৰান্টৰ দিৰিং চাহ বাগিছাৰ (Diring Tea Estate) কাষতে থকা মাটিখিনিত অসম চৰকাৰে এটা বেটেলিয়ন কেম্প স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ (Govt decide to set up battalion camp at Diring) পিছতে গৰজি উঠিছে স্থানীয় লোকসকল ।
চৰকাৰৰ এই সিদ্ধান্তৰ কথা জানিব পাৰি দিৰিঙৰ শতাধিক আদিবাসী পুৰুষ মহিলা একগোট হৈ বৃহস্পতিবাৰে বিশ্বনাথৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ চৰকাৰৰ সিন্ধান্ত বাতিল কৰিবলৈ আহ্বান জনায় ৷ লগতে বিশ্বনাথৰ উপায়ুক্ত মুনিন্দ্ৰ নাথৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ ভূমি অধিগ্ৰহণৰ সিদ্ধান্ত বাতিলৰ দাবীত এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে (Memorandum to CM demanding cancellation) ৷
বিশ্বনাথত বেটেলিয়ন কেম্প স্থাপনৰ সিদ্ধান্ত বাতিলৰ দাবীত মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ উল্লেখ্য যে, অসম চৰকাৰে ১৯৭৬ চনত দিয়া ভোগ দখলৰ আৱণ্টন পত্ৰৰ ভিত্তিত এই অঞ্চলটোৰ কৃষক ৰাইজে উক্ত ভূমিৰ বাবে প্ৰতিবছৰে চৰকাৰী ৰাজহ আদি পৰিশোধ কৰি অহাৰ পিছতো চৰকাৰে উক্ত মাটিখিনিত বেটেলিয়ন কেম্প স্থাপনৰ বাবে ল’ব বিচৰা কাৰ্যত সম্প্ৰতি ক্ষোভিত হৈ পৰিছে দিৰিংবাসী ৰাইজে ।
ইফালে, উক্ত মাটিৰ বাহিৰে অন্য কোনো স্থানত মাটি বাৰী নথকা অঞ্চলটোৰ আদিবাসী খেতিয়ক ৰাইজৰ পৰা চৰকাৰে এই মাটি ডোখৰ কাঢ়ি ল’লে অসহায় আৰু ভূমিহীন হৈ পৰিব যে সেইয়া প্ৰায় নিশ্চিত । সেয়ে অনতিপলমে বেটেলিয়ন কেম্প স্থাপনৰ সিদ্ধান্ত বাতিল কৰি তেওঁলোকক গৃহহীন আৰু ভূমিহীন নকৰিবৰ বাবে চৰকাৰক অনুৰোধ জনাইছে এইসকল ৰাইজে ৷
লগতে পঢ়ক:বাতিল হ’ল অমিত শ্বাহৰ উপস্থিতিত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া যোগদান কাৰ্যসূচী