অসম

assam

By

Published : Feb 14, 2021, 8:36 PM IST

ETV Bharat / state

বিশ্বনাথত 'মাঝি বাবা সন্মিলন'

বিশ্বনাথ জিলা চাওঁতাল ছাত্ৰ সন্থা আৰু সদৌ অসম চাওঁতাল মাঝি মণ্ডলৰ বিশ্বনাথ জিলা সমিতিৰ যুটীয়া উদ্যোগত অনুষ্ঠিত 'মাঝি বাবা সন্মিলন' ।

বিশ্বনাথত 'মাঝি বাবা সন্মিলন'
বিশ্বনাথত 'মাঝি বাবা সন্মিলন'

বিশ্বনাথ ১৪ ফেব্ৰুৱাৰী: বিশ্বনাথ জিলাৰ ধেমাজিবাৰীত দেওবাৰে 'মাঝি বাবা সন্মিলন' অনুষ্ঠিত কৰা হয় । বিশ্বনাথ জিলা চাওঁতাল ছাত্ৰ সন্থা আৰু সদৌ অসম চাওঁতাল মাঝি মণ্ডলৰ বিশ্বনাথ জিলা সমিতিৰ যুটীয়া উদ্যোগত অনুষ্ঠিত কৰা হয় 'মাঝি বাবা সন্মিলন' ।

কাৰ্যসূচী অনুসৰি দেওবাৰে পুৱা ৭ বজাত ধেমাজিবাৰী, ডেকাপথাৰ, লালপানী, আৰু বাঘমাৰীত চাওঁতাল সমাজৰ সৌজন্যত চাফাই অভিযান কৰা হয় । ৮ বজাত বিশ্বনাথ জিলা চাওঁতাল ছাত্ৰ সন্থাৰ সভাপতি ৰমেশ চন্দ্ৰ চৰেণ আৰু সদৌ অসম চাওঁতাল মাঝি মণ্ডল বিশ্বনাথ জিলা সমিতিৰ সভাপতি চনু হেমৰমে পতাকা উত্তোলন কৰে ৷ আনহাতে পুৱা ১০ বজাত ৰবীন্দ্ৰ কিস্কু, বিৰ্চা মাৰ্ডি, ধীৰেন হাসঁদা, আৰু চাকাল মুৰ্মুৰ পৰিচালনাত লক্ষ্যভেদ প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷

বিশ্বনাথত 'মাঝি বাবা সন্মিলন'

ইয়াৰ পিছত বিশ্বনাথ জিলা চাওঁতাল ছাত্ৰ সন্থাৰ উপদেষ্টা সুভাষ বাস্কে’ৰ সভাপতিত্বত মূলসভা আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয় ৷ বিশ্বনাথ জিলা চাওঁতাল ছাত্ৰ সন্থাৰ সভাপতি ৰমেশ চন্দ্ৰ চুৰেণে আঁত ধৰা অনুষ্ঠানত মুখ্য অতিথি ৰূপে সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ সভাপতি মিন্টু হেমৰম, সদৌ অসম চাওঁতাল মাঝি মণ্ডল কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা মহেন্দ্ৰ মুৰ্মু আৰু সদৌ অসম চাওঁতাল মাঝি মণ্ডল কেন্দ্ৰীয় সমিতিৰ সভাপতি সুনীল হেমৰমে অংশ গ্ৰহণ কৰি চাওতালী জনগোষ্ঠীৰ ওপৰত তত্ত্ব গধূৰ ভাষণ আগবঢ়ায় ।

ইয়াৰোপৰি, চাওঁতাল ছাত্ৰ নেতা ক্ৰমে কেবল হাসঁদা, ৰাজেশ হাসঁদা, সদৌ অসম সাংবাদিক সন্থাৰ কেন্দ্ৰীয় সহ সম্পাদক ৰতন ভুঞা, বিশিষ্ট সাংবাদিক অমিতাভ বৰুৱা, সদৌ অসম চাওঁতাল মাঝি মণ্ডল কেন্দ্ৰীয় সমিতিৰ সম্পাদক মহেশ্বৰ মুৰ্মু ,পৱন মাৰ্ডী, কুবেশ্বৰ মাৰাণ্ডী, ৰাতুল বাস্কে, সন্তোষ মুৰ্মূ, লক্ষীধৰ হাসদাকে প্ৰমুখ্য কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

লগতে পঢ়ক:ভাৰ্চুৱেলী পুলিবৰ আৰক্ষীৰ থানাৰ নতুন গৃহ উন্মোচন মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details