অসম

assam

ETV Bharat / state

কৰ’ণা ভাইৰাছক লৈ তৎপৰ বিশ্বনাথৰ স্বাস্থ্য বিভাগ

কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে এতিয়া তৎপৰ ৰাজ্যৰ স্বাস্থ্য বিভাগ ৷ বিশ্বনাথৰ বিহালীতো চিকিৎসকসকল অধিক তৎপৰ হৈছে ৰাইজৰ সুৰক্ষাক লৈ ।

Medical department alert for Covid 19 Biswanath Assam Etv bharat news
কৰ’ণা ভাইৰাছক লৈ তৎপৰ বিশ্বনাথৰ স্বাস্থ্য বিভাগ

By

Published : Mar 31, 2020, 11:05 PM IST

বিশ্বনাথ,31 মাৰ্চঃকৰ’ণা ভাইৰাছ প্ৰতিহত কৰিবলৈ অহৰহ চেষ্টা চলাই আছে অসমৰ স্বাস্থ্য বিভাগে ৷ ইতিমধ্যে অসমত কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে কৰিমগঞ্জৰ এজন ব্যক্তি ৷ সেয়ে অধিক তৎপৰ হৈ পৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগ ৷ ৰাজ্যৰ আন প্ৰান্তৰ লগতে বিশ্বনাথৰ বিহালীতো চিকিৎসকসকল অধিক তৎপৰ হৈছে ৰাইজৰ সুৰক্ষাক লৈ ।

কৰ’ণা ভাইৰাছক লৈ তৎপৰ বিশ্বনাথৰ স্বাস্থ্য বিভাগ

প্ৰাপ্ত তথ্য অনুসৰি,বিহালীলৈ ১-২২ মাৰ্চলৈকে বহিঃৰাজ্যৰ পৰা বিভিন্ন লোকৰ সমাগম ঘটিছিল ৷ বিহালী চিকিৎসালয়ৰ অধীনষ্ঠ প্ৰতিটো অঞ্চললৈ অহা 645 জন ব্যক্তিক ইতিমধ্যে চিকিৎসকে গৃহবন্দী কৰি 32 টা চিকিৎসকৰ দলৰ সহায়ত চিকিৎসা অব্যাহত ৰাখিছে ৷ লগতে যিসকল লোকৰ গৃহবন্দীৰ ১৪ দিন উকলি গৈছে সেইসকলক গৃহবন্দীৰ পৰা মুক্ত কৰা বুলি মহকুমা চিকিৎসা বিষয়া ডাঃ জে চি বেই জানিবলৈ দিয়ে । ইফালে বিহালী প্ৰাথমিক চিকিৎসালয়,বৰগাং মডেল চিকিৎসালয় আৰু কেটেলা নাৰ্ছিংহোমৰ লগতে চাহ বাগিচাসমূহৰ চিকিৎসালয়সমূহ কৰ’ণাত আক্ৰান্ত ৰোগীৰ বাবে সাজু কৰি ৰাখিছে বুলি প্ৰকাশ কৰে মহকুমা চিকিৎসা বিষয়াই । সমান্তৰালকৈ যিকোনো পৰিস্থিতিত 45 জন ৰোগীৰ ৰাখিবলৈ বিশেষ বিচনা সাজু কৰি থোৱা বুলি প্ৰকাশ কৰে বিহালীৰ জ্যেষ্ঠ চিকিৎসক তথা মহকুমা চিকিৎসা বিষয়া ডাঃ জে চি বেয়ে ৷

লগতে চাওকঃঅসমত প্ৰথমগৰাকী কৰ'ণা আক্ৰান্ত ব্যক্তি চিনাক্ত : হিমন্ত বিশ্ব শৰ্মা

ABOUT THE AUTHOR

...view details