বিশ্বনাথ, 17 জুনঃবুৰৈ নদীৰ গৰাখহনীয়াই বিপদ নমাই আনিছে বিশ্বনাথৰ নৈপৰীয়া কেইবাটাও পৰিয়াললৈ ৷ মাত্ৰ তিনি-চাৰি দিনৰ ভিতৰতে বুৰৈ নদীৰ বুকুত জাহ গৈছে প্ৰায় 40 বিঘা কৃষিভূমি ৷ যাৰ ফলত এতিয়া দিশহাৰা হৈ পৰিছে একমাত্ৰ কৃষি নিৰ্ভৰ ৰৌমাৰীৰ কেইবাটাও কৃষকৰ পৰিয়াল ৷
বিশ্বনাথত ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে বুৰৈ নৈৰ খহনীয়াই - বিশ্বনাথৰ নৈপৰীয়া পৰিয়াল
বিশ্বনাথৰ নৈপৰীয়া কেইবাটাও পৰিয়াললৈ বিপদ নমাই আনিছে বুৰৈ নদীৰ গৰাখহনীয়াই ৷ ইতিমধ্যে বুৰৈ নাৰ খহনীয়াত জাহ গৈছে প্ৰায় 40 বিঘা কৃষিভূমি ৷
massive river erosion in biswanath
কিন্তু এতিয়াও জল সম্পদ বিভাগৰ পৰা কোনো ধৰণৰ সহাৰি নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে বান বিধ্বস্ত কাইজে ৷ বানাক্ৰান্ত লোকে তেজপুৰ আৰু বিশ্বনাথ চাৰিআলিৰ জলসম্পদ বিভাগক এই বিষয়ে বাৰম্বাৰ অৱগত কৰাৰ বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই বুলিও উল্লেখ কৰিছে ভুক্তভোগী পৰিয়ালৰ লোকে ৷