অসম

assam

By

Published : Sep 16, 2020, 8:17 PM IST

ETV Bharat / state

প্ৰাপ্য অধিকাৰ বিচাৰি বিশ্বনাথত চাহ মজদুৰ সংঘৰ প্ৰতিবাদ

বিশ্বনাথত চাহ শ্ৰমিকৰ প্ৰতিবাদ ৷ নিজৰ প্ৰাপ্য় অধিকাৰ বিচাৰি এই প্ৰতিবাদ সাব্যস্ত কৰে অসম চাহ মজদুৰ সংঘ বিশ্বনাথ শাখাৰ লগতে শতাধিক চাহ শ্ৰমিকে ৷

Massive Protest In Biswanath
প্ৰাপ্য অধিকাৰ বিচাৰি বিশ্বনাথত চাহ মজদুৰ সংঘৰ প্ৰতিবাদ

বিশ্বনাথ, 16 ছেপ্তেম্বৰ :বিশ্বনাথত অসম চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশনা অনুসৰি মোনাবাৰী চাহ বাগিচাত বিশ্বনাথ অসম চাহ মজদুৰ সংঘ বিশ্বনাথ শাখাই বুধবাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । নিজৰ প্ৰাপ্য় অধিকাৰ বিচাৰি এই প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৰ লগতে শতাধিক চাহ কৰ্মীয়ে ৷

প্ৰাপ্য অধিকাৰ বিচাৰি বিশ্বনাথত চাহ মজদুৰ সংঘৰ প্ৰতিবাদ

অভিযোগ অনুসৰি, বিগত প্ৰায় 6 দশক ধৰি অসম চাহ মজদুৰ সংঘ আৰু বাগিচাৰ মালিক সন্থাৰ মাজত হোৱা আলোচনা মৰ্মে 2015 চনৰ ফেব্ৰুৱাৰী মাহত এক দ্বি-পাক্ষিক চুক্তি স্বাক্ষৰিত হৈছিল । চুক্তিখনৰ যোগেদি ব্ৰহ্মপুত্ৰ উপত্যকাৰ চাহ বাগিচা সমূহত কাম কৰা শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবী উত্থাপন কৰা হৈছিল ৷ পৰৱৰ্তী সময়ত অৰ্থাৎ 2017 চনৰ ডিচেম্বৰত এই চুক্তিৰ ম্যাদ শেষ হোৱাত 2018 চনৰ জানুৱাৰী মাহৰ পৰা চাহ শ্ৰমিকসকলে বৰ্ধিত মজুৰি লাভ কৰিব লাগিছিল ৷ কিন্তু চৰকাৰ তথা বাগিচা কৰ্তৃপক্ষৰ চৰম হেমাহিৰ বাবে শ্ৰমিকসকলে আজিকোপতি বৰ্ধিত মজুৰি লাভ নকৰাৰ অভিযোগ ৷ তেওঁলোকৰ দাবী অনুসৰি, 351 টকাকৈ দৈনিক মজুৰি লাভ কৰিব লাগিছিল শ্ৰমিকসকলে ৷

প্ৰাপ্য অধিকাৰ বিচাৰি বিশ্বনাথত চাহ মজদুৰ সংঘৰ প্ৰতিবাদ

ইফালে, প্ৰতিবাদকাৰী ৰাইজে সমাগত নিৰ্বাচনৰ পূৰ্বে তেওঁলোকৰ প্ৰাপ্য অধিকাৰ প্ৰদান কৰিবলৈ আহ্বান জনাইছে অন্যথা নিৰ্বাচনত সঠিক উত্তৰ প্ৰদান কৰাৰ হুংকাৰ ৰাইজৰ ৷

লগতে পঢ়ক :মানিকপুৰত ভদীয়া বানত জলমগ্ন 20 খনৰ অধিক গাঁও

ABOUT THE AUTHOR

...view details