অসম

assam

By

Published : Aug 16, 2019, 8:49 PM IST

ETV Bharat / state

জৰাশৰ নৈৰ ভয়াবহ খহনীয়াত সৰ্বস্বান্ত কৃষক ৰাইজ

ৰঙাপাৰাৰ মোলানগাঁৱত জৰাসৰ নৈৰ ভয়ংকৰ গৰাখহনীয়া ৷ নৈত জাহ গৈছে শ শ বিঘা কৃষি ভূমি ৷

জৰাশৰ নৈৰ ভয়াবহ খহনীয়াত সৰ্বস্বান্ত কৃষক ৰাইজ

ৰঙাপাৰা, 16 আগষ্টঃ চতিয়া সমষ্টিৰ অন্তৰ্গত মোলানগাঁৱত জৰাসৰ নৈৰ গৰাখহনীয়াই ভয়াবহ ৰূপ ধাৰণ কৰিছে ৷ নৈখনৰ বুকুত জাহ গৈছে দুখীয়া কৃষকৰ ৰাইজৰ শ শ বিঘা কৃষিভূমি ৷ মানশিৰি আৰু কয়লাজুলি নদীৰ পানী জৰাসৰ নদীত মিলিত হৈ বাঢ়নী পানীয়ে পানীৰ গতিবেগ বৃদ্ধি কৰাত গৰাখহনীয়াই অঞ্চলটোত তীব্ৰ ৰূপ ধাৰণ কৰি আহিছে । কেৱল কৃষি ভূমিয়েই নহয় অতিশীঘ্ৰে গৰাখহনীয়া ৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰিলে নৈপৰীয়া ৰাইজৰ ঘৰবাৰী সকলো নৈখনৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে ৷ গাওঁখনৰ ভুক্তভোগী ৰাইজে স্থানীয় বিধায়ক পদ্ম হাজৰিকা আৰু জলসম্পদ বিভাগক গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে ।

জৰাশৰ নৈৰ ভয়াবহ খহনীয়াত সৰ্বস্বান্ত কৃষক ৰাইজ

ABOUT THE AUTHOR

...view details